আমি তেনেই ব্যস্ত। কোনোবা সাংবাদিকৰ পৰিয়ালৰ কাহিনীক লৈ আমি ব্যস্ত, কোনো গায়িকাৰ এংগেজমেণ্টক লৈ আমি ব্যস্ত। কোন কংগ্ৰেছী বিধায়কে মনে মনে বিজেপিক ভোট দিছে তাক লৈ ব্যস্ত। কাৰণ এইবোৰতেই মজা আছে। সময় পাৰ কৰিব পৰা মনোৰঞ্জন আছে। ১৯ গৰাকী অসমীয়া যে হঠাৎ নিখোজ হৈ থাকিল প্ৰায় এমাহ দিন, তাৰ আলোচনা কৰিবলৈ আমাৰ হাতত সময় নাই। আমাৰেই বা কিয়? কাৰোৰেই হাতত তাৰ বাবে সময় নাই।
‘উন্নৈশ’ গৰাকী, এজন দুজন নহয়। ‘উন্নৈশ’গৰাকী অসমীয়া নিখোজ হৈছিল। অসমৰ মুখ্যমন্ত্ৰীগৰাকীক এইবিষয়ে কোনোবাই কিবা কথা সোধাৰ আহৰি আছেনে? মণিপুৰলৈ গৈ অসমীয়াক উদ্ধাৰ কৰা অসম চৰকাৰৰ আহৰিয়েই নহ’ল এই ১৯ গৰাকী অসমীয়াৰ বিষয়ে এবাৰলৈও ভবাৰ। কিয়? উত্তৰ আছে? নাই। কাৰণ এইকেইগৰাকী শ্ৰমিক। খাটিখোৱা শ্ৰমিক। কোনোবা ওদালগুৰিৰ, কোনোবা কোকৰাঝাৰৰ, কোনোবা ধুবুৰীৰ। কেউগৰাকী শ্ৰমিকেই আছিল মুছলমান। বছৰটোত এবাৰেই অহা ঈদত পৰিয়ালটোৰ কাষত থকাৰ হেঁপাহেৰে সিদিনা মাজৰাতি অৰুণাচলৰ হুৰিৰ সেই কেম্পটোৰ পৰা ওলাই আহিছিল তেওঁলোক। অটব্য অৰণ্য, ঘন আন্ধাৰৰ মাজত সিদিনা সোমাই পৰা এই শ্ৰমিককেইজন অৰুণাচল প্ৰদেশৰ ভাৰত–চীন সীমান্তৰ কুৰুং কুমেই জিলাৰ এক দুৰ্গম অঞ্চলত ব’ৰ্ডাৰ ৰোড অৰ্গেনাইজেচনৰ পথ নিৰ্মাণত জড়িত আছিল।
বাতৰিটো এতিয়াও নুশুনা-নপঢ়াসকল পাঠকৰ বাবে পুনৰ আগবঢ়াইছো।
অসমৰ পৰা পেটৰ তাড়নাত মাত্ৰ কেইটামান টকাৰ বাবে বিগত ৩০ মে’ত কামৰ সন্ধানত অৰুণাচল প্ৰদেশৰ দুৰ্গম কুৰুং কুমেই জিলালৈ দৈনিক শ্ৰমিক হিচাপে গৈছিল এই পথ হেৰাই যোৱা ১৯ গৰাকী লোক। যোৱা ৫ জুলাইৰ নিশা হুৰিৰ ওচৰৰ শিবিৰৰ পৰা পলায়ন কৰিছিল ১৯ জনীয়া শ্রমিকৰ দলটোৱে। শিবিৰটোত ৩০ জন শ্রমিক আছিল। ঠিকাদাৰে শ্রমিককেইজনক ঈদ উপলক্ষে ঘৰলৈ অহাৰ অনুমতি নিদিয়াত অসমৰ এই ১৯ জন শ্রমিকে নিশা শিবিৰ এৰিছিল। দুর্গম এলেকাটোত পথ চমুৱাবলৈ শ্ৰমিকৰ দলটোৱে অৰণ্যৰ মাজেৰে যাত্ৰা কৰিছিল। দলটো দুটা ভাগত বিভক্ত হৈছিল। এটা দলত আছিল ৮ জন আৰু আনটো দলত আছিল ১১ জন। দুয়োটা দলে দুটা দিশে গতি কৰিছিল। কিন্তু গভীৰ অৰণ্যত বাট হেৰুৱাই তেওঁলোক আবদ্ধ হৈ পৰিছিল। বিগত শনিবাৰে নিশা প্রায় ৮ বজাত স্থানীয় গঞাই প্রথমে ৪ জন শ্রমিকক প্রত্যক্ষ কৰিছিল। ইয়াৰ পিচত নিশা প্রায় ১২ বজাত আন ৩ জন শ্রমিকক অসুস্থ অৱস্থাত উদ্ধাৰ কৰিছিল স্থানীয় লোকে। বছৰটোৰ ঈদত পৰিয়ালটোক কাষত পোৱাৰ হেঁপাহতেই দুৰ্গম পাহাৰ অতিক্ৰম কৰাৰ দুঃসাহস কৰিছিল তেওঁলোকে। পৰিয়ালৰ মোহে, আত্মীয়জনৰ মোহে কিদৰে সহস্ৰ দুৰ্গম গিৰি অতিক্ৰম কৰাৰ কি সাহস দিয়ে, এই শ্ৰমিক কেইগৰাকী তাৰেই প্ৰমাণ।
অৰুণাচল প্ৰদেশত সন্ধানহীন হোৱা অসমৰ এই ১৯ গৰাকী শ্ৰমিকৰ ভিতৰত ৭ গৰাকীয়েই কোকৰাঝাৰ জিলাৰ। আমি ইষ্টমোজোৱে এইসন্দৰ্ভত ধাৰাবাহিকভাৱে বাতৰি পৰিৱেশন কৰি আহিছিলো, ধাৰাবাহিকভাৱে অৰুণাচলৰ কুৰুং কুমেই জিলা প্ৰশাসন, আৰক্ষী, চিকিৎসালয়ৰ সৈতে আমি যোগাযোগ ৰাখিছিলো।
আটাইতকৈ দুখ লগা বিষয়টো কি জানে? সন্ধানহীন শ্ৰমিককেইজনক উদ্ধাৰৰ বাবে কোকৰাঝাৰ জিলা প্ৰশাসনৰ সৈতেও কেবাবাৰো যোগাযোগ কৰিছিল পৰিয়ালে, কিন্তু কোনো গুৰুত্ব প্ৰদান কৰা নহ’ল, এই অভিযোগ পৰিয়ালৰ লোকৰ। কুৰুং কুমেই জিলা প্ৰশাসনে এই শ্ৰমিককেইগৰাকীৰ উদ্ধাৰ অভিযান ৰবিবাৰে কিয় বন্ধ ৰাখিছিল জানে? অৰণ্যত হেনো বিষাক্ত সাঁপ আছে। বেয়া বতৰৰ বাবে হেলিকপ্তাৰেৰেও উদ্ধাৰ অভিযান চলাব পৰা নাই। এইখিনি ভাষ্য কুৰুং কুমেই জিলা প্ৰশাসনৰ। উদ্ধাৰ হোৱা এগৰাকী শ্ৰমিকে কোৱা এষাৰ কথা – আমাৰ লগতে অহা ৪ জন বন্ধু ভোকে-ভাগৰে খোজ কাঢ়িব নোৱাৰা হৈ পৰিল। ক’ত হেৰাই গ’ল নাজানো।” ইয়াৰ পিছতো যদি আমাৰ মানৱতা গভীৰ নিদ্ৰাত, তেন্তে সেই মানৱতাক ধিক্কাৰ।
অৰুণাচলৰ স্থানীয় গাঁওবাসীয়ে অসুস্থ অৱস্থাত এই উদ্ধাৰ হোৱা শ্রমিককেইজনক দেখি আৰক্ষী প্ৰশাসনক খবৰ দিছিল। ইয়াৰ পিচত এছ ডি আৰ এফে শ্রমিককেইজনক উদ্ধাৰ কৰি ব’ৰ্ডাৰ ৰোড অর্গেনাইজেচন চমুকৈ বি আৰ অ’ৰ শিবিৰলৈ আনি প্ৰাথমিক চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিছিল। ১৮ দিনে খাদ্য, পানীৰ অভাৱত অসুস্থ হৈ পৰিছিল শ্রমিককেইজন। কুৰুংকুমেই জিলাৰ ডামিনৰ পৰা হুৰিলৈকে পথ নিৰ্মাণৰ কামত নিয়োজিত হৈ আছিল এই শ্রমিককেইজন। বি আৰ অ’ৰ অধীনত স্থানীয় ঠিকাদাৰে এই পথ নিৰ্মাণৰ কাম অব্যাহত ৰাখিছে। উক্ত এলেকাটো চীন সীমান্তৱৰ্তী হোৱা বাবে নিখোজ শ্রমিকসকলক লৈ বিশেষভাৱে উদ্বিগ্ন হৈ পৰিছে স্থানীয় আৰক্ষী-প্রশাসন। গভীৰ অৰণ্যত বাট হেৰুৱাই শ্ৰমিকৰ দলটো চীন অভিমুখে ৰাওনা হৈছে নেকি সেয়াও চিন্তাৰ বিষয় হৈ পৰিছে। সাংসদ গৌৰৱ গগৈয়ে প্ৰতিৰক্ষা মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি অসমৰ নিখোজ শ্ৰমিকৰ দলটোক উদ্ধাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
প্রশাসনে শ্রমিকৰ দলটোৰ সন্ধান উলিয়াবলৈ স্থানীয় গাঁওবাসী আৰু চিকাৰীৰ সহায় লৈছিল। শনিবাৰে নিশা উদ্ধাৰ কৰা শ্রমিককেইজন ৮ জনীয়া দলটোৰ সদস্য। কিন্তু এই দলটোৰ অন্তিমজন সদস্য ক’ত কিদৰে নিখোজ হৈছে সেয়া তেওঁলোকৰ হাততো তথ্য নাই, বিআৰঅ’ৰ কথা বাদেই দিলো, অসম চৰকাৰৰ কথা বাদেই দিলো, আনকি অৰুণাচল চৰকাৰৰ হাততো তথ্য নাই। ইতিমধ্যে কুৰুংকুমেই জিলা প্ৰশাসনৰ অনুৰোধৰ ভিত্তিত ভাৰতীয় বায়ুসেনাৰ এখন হেলিকপ্টাৰে অঞ্চলটোত নিখোজ শ্রমিককেইজনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে বুজি জানিব পাৰিছো।
১৯ গৰাকীৰ ১০ জন উদ্ধাৰ হৈছে। বাকী নগৰাকী তিনিগৰাকীৰ মৃত্যু হৈছে বুলিয়েই জনাইছে সতীৰ্থ শ্ৰমিকে। এই সমগ্ৰ উদ্ধাৰ অভিযানৰ মূল হোতা আছিল স্থানীয় এচাম চিকাৰী আৰু গঁঞা। পুৰাতন গ্ৰামীণ পদ্ধতিৰে আটোমটোকাৰিকৈ সেই অচিনাকি মানুহকেইজনক অৰুণাচলী গঁঞাই উদ্ধাৰ কৰা ফটোবোৰ দেখি দুচকু সেমেকি উঠিছিল আমাৰ। ধিক্কাৰ দিছিলো আমাৰ প্ৰযুক্তি-প্ৰগতিক। মানৱতাক আঁতৰাই ৰাখি কিহৰ প্ৰগতি? নিজৰ মানুহক বাদ দি কিহৰ ৰাজনীতি? মণিপুৰৰ ভূমিস্খলনৰ লেখীয়াকৈ মাটিত পোত যোৱা নাই এই অসমীয়াকেইগৰাকী। ঈশ্বৰে কৰক, জানোচা পৰিয়ালক কাষত পোৱাৰ হেঁপাহে এতিয়াও জীয়াই ৰাখিছে সেই ছগৰাকী শ্ৰমিকক! অসম চৰকাৰলৈ মোৰ এই অনুষ্ঠানৰ যোগেদি আহ্বান জনালো – জীয়াই তোলক কৰ্মঠ এই মানুহকেইজনক, জীয়াই ৰাখক মানৱীয়তাক।