গুৱাহাটী : সমগ্ৰ দেশতে পুনৰ মূৰ দাঙি উঠিছে ক’ভিড। যোৱা বছৰৰ অন্তিমটো দিনা দেশত পুনৰ বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ সংখ্যা। অসমতো বৃদ্ধি পাইছে যোৱা বছৰৰ অন্তিম দিনা ক’ভিড আক্রান্তৰ সংখ্যা।
৩১ ডিচেম্বৰৰ দিনা অসমত নতুনকৈ ক’ভিডত আক্রান্ত হয় ১৯২ জন লোক। ৩১ ডিচেম্বৰৰ দিনা ৰাজ্যত ২৪ হাজাৰ ৮১৭ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হয় আৰু ইয়াৰে ১৯২ জন লোকৰ শৰীৰত ক’ভিডৰ অৱস্থিতি ধৰা পৰে।
লগতে পঢ়ক : নতুন বছৰৰ প্ৰথম দিনাই বৈষ্ণোদেৱী মন্দিৰত পদপিষ্ট হৈ ১২ জনৰ মৃত্যু
আক্রান্ত ১৯২ জনৰ ভিতৰত ১০৫ জনে কামৰূপ মহানগৰ জিলাৰ। আনহাতে যোৰহাত জিলাৰ ১৪ জন, ডিব্ৰুগড় জিলাৰ ১০ আৰু কামৰূপ গ্ৰাম্য জিলাৰ ১০ জন লোকৰ শৰীৰত ক’ভিডৰ অৱস্থিতি ধৰা পৰিছে। অৱশ্যে ৩১ ডিচেম্বৰত এজনো কভিড ৰোগীৰ মৃত্যু হোৱা নাই।