গুৱাহাটী : দেশৰ কেইবাখনো ৰাজ্যত কভিড মহামাৰীৰ দ্বিতীয়টো ঢৌৱে তাণ্ডৱ অব্যাহত ৰাখিছে। বিশেষকৈ দিল্লী আৰু মহাৰাষ্ট্ৰত কভিডৰ তাণ্ডৱলীলাই চিন্তিত কৰি তুলিছে সমগ্ৰ দেশবাসীক। আক্রান্ত দিশৰ পৰা ভাৰতে ভংগ কৰিছে সকলো অভিলেখ। প্ৰতিদিনে লাখ লাখ লোক আক্রান্ত হোৱাৰ সমান্তৰালকৈ মৃত্যুৰ মুখত পৰিছে বহু লোক।
ইফালে অসমৰ ক্ষেত্ৰত কভিড পৰিস্থিতি বর্তমানলৈকে ভয়াবহ ৰূপ ধাৰণ কৰা নাই যদিও প্ৰতিদিনে ব্যাপক হাৰত বৃদ্ধি পাইছে আক্রান্তৰ সংখ্যা। যোৱা ২৪ ঘণ্টাত ৰাজ্যত ১,৯৩১জন লোক কভিডত আক্রান্ত হৈছে। ২৪ ঘণ্টাত ৰাজ্যত কভিড পৰীক্ষা কৰা হৈছিল মুঠ ৭৩,৪২৮ জন লোকৰ।
যোৱা ২৪ ঘণ্টাত আক্রান্ত হোৱা ১,৯৩১ গৰাকী লোকৰ ভিতৰত সর্বসাধিক আক্রান্ত হৈছে কামৰূপ মহানগৰ জিলাত। ৬৮০ জন লোক কামৰূপ মহানগৰ জিলাত যোৱা ২৪ ঘণ্টাত কভিডত আক্ৰান্ত হৈছে। আক্রান্তৰ দিশত কামৰূপ মহানগৰ জিলাৰ পিছতে আছে ডিব্ৰুগড় জিলা। ডিব্ৰুগড় জিলাত ১৪৩ জন লোক কভিডত আক্রান্ত হৈছে ২৪ ঘণ্টাত।
আনহাতে যোৱা ২৪ ঘণ্টাত ৰাজ্যত কভিডত আক্রান্ত হৈ মৃত্যুৰ মুখত পৰিছে ১০ জনকৈ লোক। মৃত্যু হোৱা ১০ জন লোকৰ ভিতৰত ৩ জন লোক কামৰূপ মহানগৰ জিলাৰ। ২ জন হৈছে কাৰ্বি আংলং জিলাৰ, বৰপেটা জিলা ডিব্ৰুগড় জিলা কৰিমগঞ্জ জিলা শোণিতপুৰ জিলা আৰু তিনিচুকীয়া জিলাৰ ১ কৈ লোক কভিডত আক্রান্ত হৈ যোৱা ২৪ ঘণ্টাত মৃত্যুৰ মুখত পৰিছে।
অসমত প্ৰতিদিনে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় আছে। বিগত ২৪ ঘণ্টাত ৰাজ্যত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ১৯৩১জন। বৃহস্পতিবাৰে মুঠ ৭৩,৪২৮জন লোকে ক’ভিড পৰীক্ষা কৰিছিল। আক্ৰান্তৰ হাৰ হৈছে ২.৬৩ শতাংশ।