গুৱাহাটী: ৰাজ্যত থকা ৬ টা ডিটেনশ্যন কেম্পত বৰ্তমান মুঠ ১৯৫ জন সন্দেহযুক্ত নাগৰিকক আৱদ্ধ কৰি ৰখা হৈছে, মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে।
অসম বিধানসভাৰ চলিত শৰৎকালীন অধিৱেশনত দিয়া এক লিখিত প্ৰত্যুত্তৰত মুখ্য মন্ত্ৰীয়ে ৰাজ্যত থকা ডিটেনশ্যন কেম্প (বৰ্তমান ট্ৰেঞ্জিট কেম্প হিচাপে নামাকৰণ কৰা হৈছে) সমহূত ১৯৫ জন লোকক ৰখা হৈছে বুলি কয়।
তেওঁ লগতে কয় যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি এই পৰ্যন্ত ৭৭৯ জন লোকক জামিনত মুকলি কৰি দিয়া হৈছে।
অৱশ্যে মুকলি কৰি দিয়াসকলৰ ভিতৰত ৭৭৮ জনে প্ৰত্যেক সপ্তাহে স্থানীয় আৰক্ষী থানাত হাজিৰ হৈ নিজৰ উপস্থিতি দি অহাৰ বিপৰীতে ইয়াৰে এজন পলাতক অৱস্থাত আছে বুলি সদনক জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে অসমত বৰ্তমান থকা ছয়টা ট্ৰেঞ্জিট কেম্প গোৱালপাৰা, কোকৰাঝাৰ, যোৰহাট, শিলচৰ, ডিব্ৰুগড় আৰু তেজপুৰ জিলা কাৰাগাৰত আছে।
গোৱালপাৰা জিলাৰ মাটিয়াত ৰাজ্য চৰকাৰে সন্দেহযুক্ত নাগৰিক আৰু বিদেশী বুলি ঘোষণা কৰা লোকসকলৰ বাবে প্ৰথমটো পূৰ্ণাংগ ট্ৰেঞ্জিট কেম্প নিৰ্মাণ কৰি আছে। ইয়াত ৪০০ মহিলাকে ধৰি মুঠ ৩০০০ কয়দীক ৰাখিব পৰাৰ ব্যৱস্থা থাকিব।
নিৰ্মাণ সম্পূৰ্ণ হৈ উঠাৰ পিছত ৰাজ্যৰ বিভিন্ন ডিটেনচন চেণ্টাৰত বন্দী হৈ থকা সকলো সন্দেহযুক্ত নাগৰিকক মাটিয়াৰ ট্ৰেঞ্জিট কেম্পলৈ স্থানান্তৰ কৰা হ’ব।
লগতে পঢ়ক – ফেক্ট-চেক: NDTV, Hindustan Times-ত পাপুৱা নিউ গিনিৰ ভূমিকম্পৰ ভূৱা ভিডিঅ’ প্ৰচাৰ