গুৱাহাটীঃ এখন ড্ৰাগছমুক্ত অসম গঢ়াৰ লক্ষ্য়ৰে আৰক্ষীয়ে ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে।
অসম আৰক্ষীৰ নেতৃত্বত ৰাজ্যত ব্যাপক হাৰত চলিছে মাদক দ্ৰব্য বিৰোধী অভিযান।
ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰূপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতে তেওঁ স্পষ্ট কৰি দিছিল যে অসমক ড্ৰাগছমুক্ত কৰিব আৰু ইয়াৰ সৈতে জড়িত অবৈধ ব্যৱসায়ীসকলক ৰেহাই দিয়া নহ’ব।
মুখ্যমন্ত্ৰী নিৰ্দেশৰ পিছতেই অসম আৰক্ষীয়ে দেখুওৱা তৎপৰতাত যোৱা ১০০ দিনত আৰক্ষীয়ে জব্দ কৰিলে ১৯৮.৮৫ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী।
আৰক্ষীয়ে এই অভিযানত ২৬.১৯কেজি হেৰ’ইন, ৯,৭০২.৯০ কেজি গাঞ্জা, ১৮কেজি আফিম, ৯৩২৮৯ বটল কফ চিৰাপ, ১৫,৪৭,২৬৬ পেকেট নিচাজাতীয় টেবলেট, ২.০৭কেজি মৰ্ফিন, ৩কেজি ক্ৰিস্টাল মেথ, ৪গ্ৰাম কোকেইন জব্দ কৰিবলৈ সক্ষম হৈছে।
আনহাতে, সৰবৰাহকাৰীৰ পৰা নগদ মুঠ ১,৪৫,৯২,৪৩৬ টকা, নকল টকা ৬,৮০০ আৰু ১৩,৬৩০ টকা বিদেশী টকাও জব্দ কৰিছে।
লগতে বাহন জব্দ কৰিছে ৬৭খন। অসম আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ লগত জড়িত ১৯৬৪ গৰাকী লোককো গ্ৰেপ্তাৰ কৰিছে।
লগতে পঢ়কঃমেঘালয়ত অসম অভিমুখী গাড়ীৰ পৰা বিস্ফোৰক জব্দ; এজনক গ্ৰেপ্তাৰ