গুৱাহাটীঃ চাহ উৎপাদনৰ বাবে সমগ্ৰ বিশ্বৰ ভিতৰতেই অসম বিখ্যাত। অসমত ১কেজি চাহৰ মূল্য় কিমান হ’ব পাৰে?
আপোনাৰ কল্পনাৰো অগোচৰ হ’ব । গুৱাহাটী চাহ নিলাম কেন্দ্ৰত ৯৯,৯৯৯ টকাত বিক্ৰী হ’ল ডিব্ৰুগড়ৰ মনোহৰী চাহ বাগিচাৰ ১ কিলোগ্ৰাম গ’ল্ড টি। এইবছৰ এইবিধ চাহৰ উৎপাদন আছিল মাত্ৰ ১ কেজিয়েই।
লগতে পঢ়কঃনিউজ পৰ্টেল সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ ঘোষণা
অসমৰ বিখ্যাত আৰু বিৰল প্ৰকাৰৰ চাহ, “মনোহাৰী গোল্ড টি”য়ে মঙলবাৰে গুৱাহাটী চাহ নিলাম কেন্দ্ৰত অনুষ্ঠিত বিক্ৰী নং ৫০ ত নিজৰে অভিলেখ ভংগ কৰি প্ৰতি কিলোগ্ৰামত মনোহাৰী গোল্ড টেনোৱা চাহত ৯৯,৯৯৯ টকাত নিলাম হৈ পুনৰ ইতিহাস সৃষ্টি কৰিছে।
মনোহাৰী গ’ল্ড চাহখিনি সৌৰভ চাহ ব্যৱসায় প্ৰতিষ্ঠানে প্ৰতি কিলোগ্ৰামত সৰ্বাধিক ৯৯,৯৯৯ টকাত ক্ৰয় কৰে।