গোলাঘাটঃ কাইলৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু হৈছে গোলাঘাট জিলা প্ৰশাসন।
নিজ নিজ ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে প্ৰিজাইডিং অফিচাৰ, পুলিং অফিচাৰ সকল।
গোলাঘাটৰ আৱাসিক ছোৱালী পলিটেকনিকৰ পৰা যাত্ৰা আৰম্ভ নিৰ্বাচনৰ দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰী সকলৰ।
আৰু পঢ়কঃনিৰ্বাচনৰ প্ৰাকমূহুৰ্ত্তত সোণাৰি আৰু তিনিচুকীয়াত উত্তপ্ত পৰিস্থিতি
গোলাঘাট বিধান সভা সমষ্টিৰ মুঠ ২৮৮ টা ভোট কেন্দ্ৰত ৩১৭গৰাকী প্ৰিজাইডিং অফিচাৰ ৯৫১গৰাকী পুলিং অফিচাৰ হ’ব ৰাওনা।

সমষ্টিটোৰ মুঠ ২লাখ ২হাজাৰ ১৪২গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোট।
ঠিক সেইদৰে খুমটাই বিধান সভা সমষ্টিৰ মুঠ ১৯৮ টা ভোট কেন্দ্ৰলৈ ২১৯গৰাকী প্ৰিজাইডিং অফিচাৰ ৬৫৭গৰাকী পুলিং অফিচাৰ ৰাওনা।
আৰু পঢ়কঃ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহনৰ আগলৈকে কিয় নোলাল মহাজোঁটৰ নিৰ্বাচনী ঘোষণা পত্ৰ
সমষ্টি দুটাৰ ৩ লাখ ৪৬ হাজাৰ ২ শ ৮৭ গৰাকী ভোটাৰে কাইলৈ কৰিব ভোটদান।