গুৱাহাটী : ক’ভিডত বিধৱা মহিলালৈ মুখ্যমন্ত্রী সাহায্য আঁচনিৰ অধিনত দ্বিতীয় পর্যায়ত কামৰূপ মহানগৰ জিলাৰ ৯ গৰাকী মহিলালৈ শনিবাৰে আঢ়ৈ লাখ টকাকৈ আর্থিক সাহায্য প্রদান কৰে জিলাখনৰ অভিভাৱক মন্ত্রী চন্দ্রমােহন পাটোৱাৰীয়ে। উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সভাত মন্ত্রী চন্দ্রমােহন পাটোৱাৰীয়ে উপায়ুক্ত বিশ্বজিৎ পেগু, জিলা উন্নয়ন আয়ুক্ত নিবেদন দাস পাটোৱাৰী, অতিৰিক্ত উপায়ুক্ত গৌৰীশংকৰ দাস, সদৰ মহকুমাধিপতি ত্রিদিৱ ৰয়ৰ উপৰি প্ৰশাসনৰ শীর্ষ বিষয়াসকলৰ উপস্থিতিত মহিলা কেইগৰাকীৰ হাতত আর্থিক সাহায্যৰ চেক বিতৰণ কৰি অনাগত সময়ত মানসিকভাৱে অধিক শক্তিশালী হৈ তেওঁলােকক সংসাৰৰ দায়িত্ব ল বলৈ ভগৱানে সহায় কৰিব বুলি কামনা কৰে।
শনিবাৰে আর্থিক সাহায্য লাভ কৰা মহিলা কেইগৰাকী হ’ল সােণাপুৰৰ ৰুমিয়া বেগম আৰু গীতা দাস, বশিষ্ঠৰ আকলিমা বেগম, শিলপুখুৰীৰ ইমৰানা বেগম, হেঙেৰাবাৰীৰ উজ্জলা দাস, চানমাৰিৰ বিনিতা চোধুৰী বড়াে, ধীৰেনপাৰাৰ সুনিতি চৌধুৰী, জালুকবাৰীৰ মেৰিনা বেগম আৰু দক্ষিন শৰণীয়াৰ টাৰা জিল্লী। ইয়াৰ পিছতে মন্ত্রীগৰাকীয়ে জিলাখনত চলি থকা ‘জলজীৱন মিছনৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লােৱাৰ অৰ্থে এখন পর্যালােচনা সভাত জনস্বাস্থ্য কাৰীকৰি বিভাগৰ বিষয়া-বর্গ আৰু ঠিকাদাৰসকলৰ লগত মিলিত হয়। তেওঁ প্ৰতিজন ঠিকাদাৰকে পােনপটীয়াকৈ প্ৰশ্ন কৰি হাতত লােৱা কামৰ কিমান শতাংশ সমাপ্ত হৈছে আৰু কিবা সমস্যা আছে নেকি জানিবলৈ চেষ্টা কৰে।
লগতে পঢ়ক : মহানগৰীৰ ড্ৰাগছৰ পাৰ্টীত কোকেইন যোগানকাৰী গ্ৰেপ্তাৰ
পৰৱর্তী এসপ্তাহৰ ভিতৰত তেওঁ ঠিকাদাৰসকলক জলজীৱন মিছনৰ নিৰ্ধাৰিত কামৰ এশ শতাংশ সম্পূর্ণ কৰিবলৈ সময়সীমা বান্ধি দিয়ে আৰু এই ক্ষেত্ৰত ঠিকাদাৰসকলৰ যাতে কোনাে সুৰুঙা থাকি যাব নােৱাৰে তাৰবাবে আঁচনিৰ তদাৰকৰ দায়িত্বত থকা জিলাৰ অতিৰিক্ত উপায়ুক্ত গৌৰীশংকৰ দাসক অধিক কঠোৰ হ’বলৈ আহ্বান জনায়। সভাত উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয় যে কাৰীকৰি কোনাে সমস্যাৰ সমাধান কৰিবলৈ জিলা প্রশাসন সদায় সাজু আছে কিন্তু পৰবৰ্তী এসপ্তাহৰ ভিতৰত ঠিকাদাৰসকলে সদ্যহতে হাতত লােৱা আঁচনিখনৰ কাম সমাপ্ত কৰি দিব লাগিব আৰু এইক্ষেত্ৰত কোনাে অজুহাত নচলিব।