গৰুখুটিৰ ঘটনাত উচটনি দিয়াৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ। ছান মাহমুদ আৰু আচমত আলী আহমেদক গ্ৰেপ্তাৰ আৰক্ষীৰ। ছান মাহমুদ সানোৱা গাঁও পঞ্চায়তৰ সভাপতি আৰু আচমত আলী আহমেদ ৰাজনাপথাৰ পঞ্চায়তৰ প্ৰাক্তন সভাপতি ।
উচতনি দিয়া সন্দৰ্ভত ৬ অভিযুক্তক চিনাক্ত কৰিছিল আৰক্ষীয়ে। বৰ্তমান ৪গৰাকী অভিযুক্ত পলাতক হৈ আছে।
ধলপুৰ ঘটনা সন্দৰ্ভত জামাত-ই-ইছলামী আৰু জমীয়ত উলেমা হিন্দৰ প্ৰতিনিধিৰ সাক্ষাৎ মুখ্যমন্ত্ৰীক
ঘটনা সন্দৰ্ভত দৰঙৰ উপায়ুক্তক সাক্ষাৎ কৰিব প্ৰতিনিধি দলটোৱে
‘যি হৈছে সেয়া বেয়া হৈছে,দোষীৰ শাস্তি হোৱাটো বিচাৰিছে জমীয়ত উলেমাই’
ধলপুৰ ঘটনা সন্দৰ্ভত জামাত-ই-ইছলামী আৰু জমীয়ত উলেমা হিন্দৰ প্ৰতিনিধিয়ে সাক্ষাৎ কৰিছে মুখ্যমন্ত্ৰীক ।ঘটনা সন্দৰ্ভত দৰঙৰ উপায়ুক্তকো সাক্ষাৎ কৰিব প্ৰতিনিধি দলটোৱে । মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি সংগঠনটোৱে কয়, ‘যি হৈছে সেয়া বেয়া হৈছে, দোষীৰ শাস্তি হোৱাটো বিচাৰিছে জমীয়ত উলেমাই’ ।
আনহাতে ধলপুৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে AIUDF নেতৃত্বই । তেওলোকে ধলপুৰ ঘটনাৰ ন্যায়িক তদন্তৰ দাবী জনাইছে । মুছলমানৰ তেজকলৈ ৰাজনীতি নকৰিবলৈ সকীয়নী AIUDF নেতৃত্বৰ । তেওলোকৰ মন্তব্য , ‘ইয়াত ভূপেন বৰা হিমন্ত বিশ্বৰ মানুহ মৰা নাই আমাৰ মানুহ মাৰিছে’ ।
লগতে পঢ়ক- সৰলতাৰ সুযোগ লৈ ৰোগীয়া ছাত্ৰীৰ পৰা দুষ্ট চক্রই সৰকালে বেংক একাউন্টৰ ধন
গৰুখুঁটি ৰক্তাক্ত কৰাৰ এক ভয়ংকৰ পৰিকল্পনা বহুদিনৰ আগৰে পৰা কৰিছিল কেইটামান সংগঠনে। ৰাজ্য চৰকাৰৰ চোৰাংচোৱাৰ এক প্ৰতিবেদনত শেহতীয়াকৈ পোহৰলৈ আহিছে কেতবোৰ ভয়ংকৰ তথ্য। বেদখলকাৰীসকলৰ পৰা আমছু-PFI-ইত্তেহাদ ফ্ৰণ্টৰ কেইজনমান নেতা আৰু এজন প্ৰৱক্তাই উচ্ছেদ ৰখাই দিম বুলি প্ৰায় ২৮ লাখ টকা সংগ্ৰহ কৰি শেষত সেইসকল লোকক সংঘৰ্ষৰ বাবে উচতাই দিছিল বুলি চোৰাংচোৱাৰ তথ্যত প্ৰকাশ ।
গৰুখুঁটিৰ ৰাইজক উচটনি দিয়া আব্দুল ৰহমান বিশ্বাস, জিয়াৰুল হক, ছৰিফুল ইছলাম, নাজিৰ হুছেইন চৰকাৰ, আইনুদ্দিন, নুৰুল ইছলামৰ সন্ধানত আৰক্ষী নামি পৰি দুজনক গ্ৰেপ্তাৰ কৰিছে।
শেহতীয়াকৈ আকৌ দেখা গৈছে গৰুখুটিত ধলপুৰ বেদখল উচ্ছেদৰ পিছতে ৰাতিটোৰ ভিতৰতে মায়ঙত পুনৰ গঢ়ি উঠিছে সন্দেহজনক নাগৰিকৰ গাঁও!
আনহাতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীক নিলম্বন, জাকিৰ হুছেইন নামৰ বনকৰ্মীজনক নিলম্বন ।
জাকিৰ হুছেইনৰ বিৰুদ্ধে বেদখলকাৰীক প্ৰশ্ৰয় দিয়াৰ অভিযোগ ।