নিউজ ডেস্ক : ২০১৪ চনৰ পৰা শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা মহিলাসহ অসমত অবৈধভাৱে প্ৰকাশ কৰা দুগৰাকী বাংলাদেশী নাগৰিকক নিজ দেশলৈ ওভতাই পঠোৱা হৈছে। বুধবাৰে শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক সত্যেন্দ্ৰ বৈশ্যই সংবাদ মাধ্যমক এই কথা সদৰী কৰে।

বৈশ্যই জনোৱা মতে, বাংলাদেশে লোক দুজনক তেওঁলোকৰ নাগৰিক বুলি গ্ৰহণ কৰাৰ পিছত যোৱা মঙলবাৰে অসম আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে তেওঁলোকক কৰিমগঞ্জৰ সুটাৰকান্দী সীমান্ত পৰহা চকীত চুবুৰীয়া দেশখনৰ সীমান্ত সুৰক্ষা বাহিনীৰ হাতত গতাই দিয়ে।

লোক দুজনক বাংলাদেশৰ জেছোৰ জিলাৰ জাহানাৰা বেগম আৰু পতুৱাখালি জিলাৰ বাসিন্দা হাবিব মোল্লা বুলি চিনাক্ত কৰা হৈছে।

শিচলৰ কেন্দ্ৰীয় কাৰাগাৰৰ এগৰাকী বিষয়াৰ মতে কাৰাগাৰখনত বৰ্তমান ৫১ ম্যানমাৰ, ১০ গৰাকী বাংলাদেশ, দুগৰাকী নাইজেৰিয়া আৰু এগৰাকী কেনিয়াৰ নাগৰিকসহ মুঠ ৬৪ গৰাকী বিদেশী নাগৰিক বন্দী হৈ আছে।

ইয়াৰে ভিতৰত ২৬ গৰাকী শিশুও আছে বুলি বিষয়া গৰাকীয়ে লগতে কয়।

লগতে পঢ়ক : এটি কিশোৰৰ মৃত্যুক কেন্দ্ৰ কৰি খুমটাইত তীব্ৰ প্ৰতিবাদ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply