গুৱাহাটী : মহানগৰীত চলিল অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। এইবাৰ সৰু-সুৰা ড্ৰাগছ সৰবৰাহকাৰী নহয়, এইবাৰ অভিযান চলিল ড্ৰাগছৰ অবৈধ বেহাৰ লগত জড়িত এজন বৃহৎ ব্যৱসায়ীৰ বিৰুদ্ধে। আৰক্ষীয়ে অনুমান কৰাতকৈ বহু গুণে ডাঙৰ ওলাল ব্যৱসায়ী জনে গঢ়ি তোলা ড্ৰাগছৰ এই ক’লা সাম্ৰাজ্য। জব্দ হ’ল ২ কোটি ৫৫ লাখ টকা মূল্যৰ ডেৰ লাখ ৱৰ্ল্ড ইজ ইয়ৰছ (য়াবা) নামৰ নিচাজাতীয় টেবলেট।
ড্ৰাগছৰ বিৰুদ্ধে পূৰ্বৰ তুলনাত আৰু অধিক কঠোৰ হৈছে অসম আৰক্ষী। আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে ঘোষণা কৰা জেহাদ অধিক তীব্রতৰ কৰি তুলিছে। আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত প্ৰতিদিনে জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। আৰক্ষীৰ জালত পৰি আছে ইজনৰ পিছত সিজন ড্ৰাগছ সৰবৰাহকাৰী। গুৱাহাটী মহানগৰীটো আৰক্ষীয়ে সৰু-সুৰা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি থকাৰ মাজতে এইবাৰ আৰক্ষীৰ জালত পৰিল এক বৃহৎ মাছ।
ড্ৰাগছৰ এই ক’লা সাম্ৰাজ্যখন হ’ল ধাৰাপুৰ মজলীৰ ড্ৰাগছৰ সম্ৰাট ছফীকুল ইছলামৰ। মঙলাবাৰে নিশাৰ ভাগত মজলীত উপস্থিত হৈ ছফীকুল ইছলামৰ বাসগৃহত আৰক্ষীয়ে চলালে অভিযান। আৰক্ষীৰ অভিযানত ছফিকুল ইছলামৰ বাসগৃহৰ পৰা উদ্ধাৰ হয় ডেৰ লাখ ৱৰ্ল্ড ইজ ইয়ৰছ (য়াবা) নামৰ নিচাজাতীয় টেবলেট। এই টেবলেটখিনিৰ মূল্য ২ কোটি ৫৫ লাখ টকা হ’ব বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক : সততাৰ প্ৰতীক গৃহৰক্ষী কৰ্মী বৰছিং বে’, বৃহৎ পৰিমাণৰ ঘোচ অস্বীকাৰ, জব্দ কৰিলে ১২ কোটি টকাৰ ড্ৰাগছ
ইফালে আৰক্ষীয়ে আটক কৰা ড্ৰাগছ মাফিয়া ছফিকুল ইছলাম আৰক্ষীৰ কবলৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে ছফিকুল ইছলামক লক্ষ্য কৰি গুলী চালনা কৰে। ভৰিত গুলী লগা ড্ৰাগছ মাফিয়াজনক মহেন্দ্ৰ মোহন হাস্পতালত ভৰ্তি কৰোৱা হৈছে। অভিযানত আৰক্ষীয়ে ড্ৰাগছ মাফিয়াজনৰ বাসগৃহৰ পৰা নগদ ২৬ লাখ টকা উদ্ধাৰ কৰাৰ লগতে দুখন বিলাসী চাৰিচকীয়া বাহন জব্দ কৰে।