নিউজ ডেস্কঃ চলিত বৰ্ষৰ মে’ মাহত ৰাজ্য চৰকাৰে সম্পূৰ্ণ কৰিব ১ লাখ নিবনুৱাৰ চাকৰি নযুক্তি প্ৰক্ৰিয়া। নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হ’লেই ৰাজ্য চৰকাৰে শিক্ষিত নিবনুৱাৰ বাবে নতুনকৈ আঁচনি নিৰ্মাণ কৰিব।
ৰাজ্য চৰকাৰে ২ লাখ যুৱক-যুৱতীক স্বাৱলম্বী কৰাৰ উদ্দেশ্যৰে তৈয়াৰ কৰিছে নতুন আঁচনি। এই নতুন আঁচনিৰ অধীনত ২ লাখ নিবনুৱা যুৱক-যুৱতীক ২ লাখ কৈ ৰাজ্য চৰকাৰে হাতত তুলি দিব। এই ঘোষণা আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰঙিয়া চহৰত অনুষ্ঠিত এক অনুষ্ঠানত কৰে।

লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, এই ২ লাখ টকা প্ৰাপ্ত যুৱক-যুৱতীসকলে ৩ টা কিস্তিত লাভ কৰিব।
লগতে পঢ়ক – স্নাতকোত্তৰ নামভৰ্ত্তিৰ বাবে Tezpur University য়ে অনুষ্ঠিত কৰিব নিজা প্ৰৱেশিকা পৰীক্ষা
উল্লেখ্য যে, এই ২ লাখ টকাৰ সুবিধা পাবলৈ যুৱক-যুৱতীয়ে কোনো বেংকৰ গেৰাণ্টি নোহাৱাকৈয়ে লাভ কৰিব বুলি মুখ্যমন্ত্ৰী শৰ্মাই ঘোষণা জৰিয়তে কৰে।
