নিউজ ডেস্ক : চিকিৎসাৰ অভাৱত পুনৰ বন্ধ হৈ পৰা নগাঁও আৰু কাচাৰ কাগজ কলৰ দুজনকৈ কৰ্মচাৰীয়ে মৃত্যুক সাবটিব লগীয়া হয়। দুয়োজনৰ ঘৰ মৰিগাঁও জিলাত। ইয়াৰে সৈতে মৃত্যু হোৱা কৰ্মচাৰীৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি পোৱা বুলি বৃহস্পতিবাৰে Joint Action Committee of Recognised Unions –ৰ সভাপতি মানবেন্দ্ৰ চক্ৰবৰ্তীয়ে জানিবলৈ দিয়ে।

তেওঁ জনোৱা মতে, বুধবাৰে ডায়েবেটিছত ভুগি থকা নগাঁও কাগজ কলৰ ৰাজেন্দ্ৰ কুমাৰ নাথ নামৰ কৰ্মচাৰী গৰাকীৰ হৃদ ক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱাৰ বিপৰীতে বৃহস্পতিবাৰে কাচাৰ কাগজ কলৰ শ্যামা কাটা কুৰ্মী নামৰ কৰ্মচাৰী গৰাকীৰ কিডনী আৰু লিভাৰৰ ৰোগত আক্ৰন্ত হৈ মৃত্যু হয়।

উল্লেখযোগ্য যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰে অসমত দ্বিতীয়বাৰৰ বাবে শাসনলৈ অহাৰ পিছত আজি পৰ্য্যন্ত কাগজ কল দুটাৰ ১০ গৰাকী কৰ্মচাৰীয়ে মৃত্যুক সাবটিব লগীয়া হৈছে।

যোৱা ৫৫ মাহ ধৰি পাব লগীয়া দৰমহা আজি পৰ্য্যন্ত নোপোৱাৰ ফলত বেছিভাগ কৰ্মচাৰীয়ে উপযুক্ত চিকিৎসাৰ অভাৱতে মৃত্যুক সাবটিব লগীয়া হোৱা বুলি চক্ৰবৰ্তীয়ে দাবী কৰে।

উল্লেখযোগ্য যে হাইলাকান্দি জিলাত থকা কাচাৰ কাগজ কল ২০১৫ চনৰ অক্টোবৰ মাহৰ পৰা বন্ধ হৈ থকাৰ বিপৰীতে জাগিৰোডত থকা নগাঁও কাগজ কল ২০১৭ চনৰ মাৰ্চ মাহৰ পৰা বন্ধ হৈ আছে।

লগতে পঢ়ক : প্ৰধান মন্ত্ৰীৰ আমেৰিকা ভ্ৰমণৰ মাজতে পুনৰ সৰৱ কৃষক আন্দোলন; ৰাষ্ট্ৰসংঘক হস্তক্ষেপৰ আহ্বান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,022 other subscribers

Leave a comment

Leave a Reply