ফাকুৱাৰ আনন্দৰ মাজতে দুটাকৈ নৃশংস হত্যাকাণ্ডই জোকাৰিলে সমগ্ৰ চৰাইদেউ জিলা। সুৰাৰ নিচাৰ ফলতেই সংঘটিত হ’ল দুয়োটা হত্যাকাণ্ডৰ ঘটনা।
বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত সংঘটিত হত্যাকাণ্ডৰ ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ জিলাখনত।
তথ্য অনুসৰি, চৰাইদেউ জিলাৰ লেফেৰাত নিচাসক্ত ৰাম ওৰাঙৰ দাৰ ঘাপত প্ৰাণ গ’ল পুতুল গগৈ নামৰ এজনৰ। লেফেৰা অঞ্চলৰ দুৰ্গা ওৰাং নামৰ এজন লোকৰ ঘৰত সুৰা সেৱন কৰি থকাৰ সময়তে কাজিয়াত লিপ্ত হৈ চোকা দাৰে ঘপিওৱাৰ ফলত মৃত্যু হয় পুতুল গগৈৰ। অভিযুক্ত ৰাম ওৰাঙ সম্প্ৰতি পলাতক অৱস্থাত আছে।

ইফালে, বৰহাটৰ ভূঞাখাটতো সংঘটিত হয় আন এক হত্যাকাণ্ডৰ ঘটনা। ঘটনাত বিক্ৰম গোৱালাৰ চোকা অস্ত্ৰৰ আক্ৰমণত নিহত হয় অমিত তাঁতী নামৰ এজন লোক। বিক্ৰম গোৱালা নামৰ লোকজনে সুৰাসক্ত অমিত তাঁতীক নিজ বাসগৃহত আক্ৰমণ কৰাত থিতাতে মৃত্যু হয় অমিতৰ। ইতিমধ্যে বিক্ৰম গোৱালাক আটক কৰিছে বৰহাট আৰক্ষীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply