ৰাজ্যৰ পৰ্যটন খণ্ডত নতুনকৈ সংযোজন ৰে’ল সেৱা। গুৱাহাটী নাহৰলগুনৰ মাজত পৰ্যটকৰ বাবে বিশেষ ৰে’ল। গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত ভিষ্টাডম ৰে’লৰ যাত্ৰাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে।
দেওবাৰৰ পৰা আৰম্ভ হৈছে আনু দুখন ভিষ্টাড’মৰ পৰ্যটন ৰে’ল সেৱা এখন ভিষ্টাড’ম ৰে’ল গুৱাহাটীৰ পৰা যাব নাহৰলগুনলৈ। আনখন ৰে’ল নাহৰলগুনৰ পৰা যাব নিউ তিনিচুকীয়ালৈ। পূৰ্বৰে পৰা হাফলঙলৈ চলি আছে আন এখন ভিষ্টাড’ম ৰে’ল।
এই অনুষ্ঠানত উপস্থিত থাকে কেন্দ্রীয় ৰাজ্যিক ৰে’লমন্ত্রী দৰ্শনা জাৰ্দোশ। ভিষ্টাডম সেৱা মুকলিৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, এই সেৱাই অসমৰ লগতে উত্তৰ পূৱৰ পৰ্যটন ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলাব। পৰ্যটন ক্ষেত্ৰ উপকৃত হ’ব।
ইতিপূৰ্বে হাফলঙলৈ যোৱা ভিষ্টাডম সেৱাই পৰ্যটকক আকৰ্ষিত কৰিছে। আনহাতে অসমত কিষাণ ৰে’ল সেৱা আৰম্ভ কৰিব বুলিও উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, আমি অসমত কেন্দ্ৰীয় চৰকাৰৰ সহযোগত কিষাণ ৰেল সেৱা আৰম্ভ কৰিম।
ইয়াৰ লগতে গুৱাহাটী ৰে’ল ষ্টেচনত অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ এটা বিপণি উদ্বোধন কৰাৰ লগতে শিপিনীসকলৰ সৈতে বাৰ্তালাপ কৰে।
লগতে পঢ়ক – অসমৰ প্রথম আন্তঃৰাষ্ট্রীয় টেবুল টেনিছ তাৰকা নন্দিনী বৰুৱাৰ দেহাৱসান