নিউজ ডেস্কঃ ইউ পি এছ চিৰ কেন্দ্ৰীয় সামৰিক আৰক্ষী বাহিনীৰ ফলাফল ঘোষণা । ঘোষিত ফলাফল অনুসৰি এই পৰীক্ষাত অসমৰ ২ গৰাকীয়ে স্থান লাভ কৰিছে।
তেজপুৰৰ নেহা বৰাই ৫২ নং স্থান লাভ কৰাৰ বিপৰীতে পাঠশালাৰ যুৱক ৰাতুল ৰয়ে এই পৰীক্ষাত লাভ কৰিছে ১৭৭ নং স্থান লাভ কৰিছে।
দুখীয়া পৰিয়ালৰ সন্তান ৰাতুল ৰয়ৰ পিতৃ প্ৰয়াত সুৰথ ৰয় আৰু গোলাপী ৰয়।
লগতে পঢ়কঃখহনীয়া প্ৰতিৰোধৰ নামত ল’ৰা ধেমালি
ৰাতুলৰ পিতৃয়ে পাঠশালা চহৰত চাহৰ দোকান দি পৰিয়ালৰ পোহপাল দিছিল।
আনহাতে,নেহাৰ পিতৃ টোপেশ্বৰ বৰা চিআৰপিএফৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আছিল আৰু মাতৃ মিনা দাস লক্ষ্ণৌত চিআৰপিএফৰ উপ-কমাণ্ডেণ্ট হিচাবে কৰ্মৰত হৈ আছে।
দুই অসম সন্তানৰ সাফল্যত উৎফুল্লিত অসমবাসী।