কোকৰাঝাৰ: এনকাউণ্টাৰক লৈ জ্বলিছে বড়ো ভূমি। আৰক্ষীৰ এনকাউণ্টাৰক ভূৱা আখ্যা দি ৰাজপথলৈ ওলাই আহিল শ শ প্ৰতিবাদকাৰী। আৰক্ষীৰ সৈতে খণ্ডযুদ্ধত লিপ্ত প্ৰতিবাদকাৰী।
শনিবাৰে পুৱতি নিশা কোকৰাঝাৰৰ উল্টাপানীত আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত হোৱা জৌংছাৰ মুছাহাৰী আৰু জনক ব্ৰহ্মৰ মৃত্যুক লৈ উতপ্ত হৈ পৰে অঞ্চলটো।আৰক্ষীয়ে দুয়োকে ইউ এল বি ৰ সদস্য বুলি দাবী কৰাৰ বিপৰীতে জৌংছাৰ মুছাহাৰীৰ পৰিয়ালৰ লোকে এয়া এক ভুৱা সংঘৰ্ষৰ ঘটনা বুলি দাবী কৰিছে।তেওঁলোকৰ দাবী জৌংছাৰ এন ডি এফ বিৰ প্ৰাক্তন সদস্য যদিও কোনো সশস্ত্ৰ উগ্ৰপন্থী সংগঠনৰ সৈতে তেওঁৰ এতিয়া সম্পৰ্ক নাই।
আজি পৰিয়ালৰ লোকে জৌংছাৰৰ মৃতদেহ লৈ সমদল বাহিৰ কৰে।আৰক্ষীৰ ভুৱা এনকাউন্টাৰৰ বিৰুদ্ধে প্ৰতিবাদ জনাই অঞ্চলটো উত্তাল কৰি তোলে । সমদলকাৰীসকলে সংঘৰ্ষটোক সম্পূৰ্ণৰূপে ভুৱা বুলি আখ্যা দি মানৱ অধিকাৰ আয়োগ তথা উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ দাবী কৰে। আৰক্ষীয়ে সমদলকাৰীক বাধা প্ৰদানৰ চেষ্টা কৰে যদিও উত্তেজিত লোকসকলে আৰক্ষীৰ বাধা অমান্য কৰি আগবাঢ়ি যায়। অসম পুলিচ মুৰ্দাবাদ, অসম পুলিচ গ’ বেক ধ্বনিৰে তেওঁলোকে উত্তাল কৰি তোলে সমগ্ৰ অঞ্চল।
লগতে পঢ়ক ৰাষ্ট্ৰীয় এথলেটিকছত অম্লান বৰগোঁহাইৰ অভিলেখ
কালিৰ ঘটনাৰ পিছতেই ইউ এল বিৰ তৰফৰ পৰা এক বিবৃতি সংবাদমাধ্যমলৈ প্ৰেৰণ কৰিছে । এই বিবৃতিত সংগঠনটোৱে দাবী কৰে যে নিহত যুৱক দুগৰাকী তেওঁলোকৰ সদস্য নহয়। সামাজিক মাধ্যমৰ যোগেদি গোপন স্থানৰ পৰা ইউ এল বিৰ কেডাৰ সকলে সদৰী কৰা মতে এই ঘটনাৰ বাবে বি টি আৰ চৰকাৰ দোষী। এজন নিৰ্দোষী যুৱকক হত্যা কৰিলে বিশ জনক হত্যা কৰা হ’ব বুলি পূৰ্বতে দিয়া হুংকাৰ সোঁৱৰাই আকৌ এবাৰ সকীয়নি প্ৰদান কৰে সংগঠনটোৱে।
কোকৰাঝাৰৰ লুংছুঙৰ ঘটনাক লৈ প্ৰাক্তন সাংসদ সানছুমা খুংগুৰ বিছমুথিয়াৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, সম্পূৰ্ণ মানব অধিকাৰ উলংঘা হৈছে খিলঞ্জীয়া মানুহৰ ওপৰত । এনে ঘটনাৰ তদন্ত দাবী কৰে প্ৰাক্তণ সাংসদজনে ।
উত্তেজিত গাঁওবাসীয়ে জৌংছাৰৰ পোন্ধৰ দিনীয়া সন্তানৰ ভৱিষ্যতৰ দায়িত্ব কোনে ল’ব বুলিও প্ৰশ্ন উত্থাপন কৰে। আনহাতে তেওঁৰ বাসগৃহত উপস্থিত হৈ বড়োলেণ্ড ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বঞ্জিৎ মঞ্জিল বসুমতাৰীয়ে সমগ্ৰ ঘটনাক দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে।প্ৰাক্তন সাংসদ চাঞ্চুমা খুংগুৰ বিছমুতিয়াৰীয়েও ঘটনা সন্দৰ্ভত উচ্চতম ন্যায়ালয় আৰু মানৱ অধিকাৰ আয়োগৰ হস্তক্ষেপ দাবী কৰে।