মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৰ জিৰ’ লেণ্ডৰ পৰা বুধবাৰে সুখচৰ আৰক্ষীয়ে ২০ টা চোৰাং গৰু জব্দ কৰে। কল গছৰ ভুৰত বান্ধি বাংলাদেশলৈ গৰু কেইটা সৰবৰাহ কৰি থকা অৱস্থাত আৰক্ষীয়ে অভিযান চলাই নদীৰ মাজৰ পৰা গৰু কেইটা জব্দ কৰে।
উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰ নদীত পানী বৃদ্ধি পোৱাৰ লগে লগে একাংশ গৰু সৰবৰাহকাৰীয়ে কল গছৰ ভুৰত গৰু বান্ধি ব্ৰহ্মপুত্ৰ নদীৰে সাঁতুৰী বাংলাদেশলৈ গৰু সৰবৰাহ চলাই আছে। বুধবাৰে পুৱতি নিশাও অনুৰূপ ধৰণে বাংলাদেশলৈ গৰু নিয়া থকা অৱস্থাত গৰু কেইটা আৰক্ষীয়ে জব্দ কৰে।
আৰক্ষীয়ে গোপন সূত্ৰৰ আধাৰত ভাৰত-বাংলাদেশ সীমান্তৰ উন্মক্ত নদী সীমান্তত এই অভিযান চলাইছিল। আৰক্ষীৰ এই অভিযানৰ উমান পাই গৰু সৰবৰাহকাৰী ঘটনাস্থলীৰ পৰা পলায়ন কৰি বাংলাদেশৰ ফালে আঁতৰি যায় যদিও আৰক্ষীয়ে গৰু কেইটা পানীৰ মাজৰ পৰা উদ্ধাৰ কৰি জব্দ কৰে।
লগতে পঢ়ক : ভাৰতত বৰ্তি থাকিবনে টুইটাৰ? হেৰোৱালে আইনী সুৰক্ষাৰ আধাৰ
আৰক্ষীয়ে জব্দ কৰা গৰু কেইটাৰ বজাৰ মূল্য প্ৰায় তিনি লাখ টকা হ’ব বুলি ধাৰণা কৰা হৈছে। বিগত সময়ছোৱাত আৰক্ষী গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে কঠোৰ হোৱাৰ বাবে এইদৰে এতিয়া গৰু সৰবৰাহকাৰীয়ে কল গছৰ ভুৰত গৰু বান্ধি বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ আৰম্ভ কৰিছে।