নিউজ ডেস্কঃ অসমতো কৰোণাৰ দ্বিতীয় লহৰে ক্ৰমান্বয়ে ত্ৰাসৰ সৃষ্টি কৰিছে ।
কামৰূপ মহানগৰৰ সোণাপুৰৰ টেপেছিয়াস্থিত লক্ষ্মীবাই ৰাষ্ট্ৰীয় শাৰীৰিক শৈক্ষিক প্ৰতিস্থানৰ ২০ জন ছাত্ৰ কৰোণা ভাইৰাছত আক্ৰান্ত।
সোণাপুৰ জিলা চিকিৎসালয়ৰ কোভিড পৰীক্ষণ কেন্দ্ৰত আটাইকেইজনৰ কৰোণা পৰীক্ষা কৰোৱা হৈছিল৷
আৰু পঢ়কঃ ৰাজ্যত এটা দিনতেই দুই শতাধিকৰ ওচৰ পালেগৈ কৰোণাত আক্ৰান্তৰ সংখ্যা
শাৰীৰিক শৈক্ষিক প্ৰতিস্থানখনত সৰ্বমুঠ ১৬০ গৰাকী ছাত্ৰ-ছাত্ৰী হোষ্টেলত আৱাসী হিচাপে আছে। প্ৰথমে দুজন ছাত্ৰ কভিড১৯ পজিটিভ পোৱাৰ পিছতে অন্য ২৬ জন ছাত্ৰৰ কভিড পৰীক্ষা কৰা হৈছিল।
দ্বিতীয়বাৰৰ পৰীক্ষাত পুনৰ ১৮ জন ছাত্ৰৰ দেহত ধৰা পৰে কৰোণাৰ ভাইৰাছৰ সংক্ৰমণ ৷
সোণাপুৰৰ লক্ষ্মীবাই নেচনেল ইনষ্টিটিউট অব ফিজিকেল ইডুকেছনৰ চৌহদত কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ।
কোভিড সংক্ৰমনৰ প্ৰতি লক্ষ্য ৰাখি ৮ এপ্ৰিলৰ পৰা ২১ এপ্ৰিললৈকে ঘোষণা কৰা হৈছে কন্টেইনমেন্ট জ’ন ।
সেই অঞ্চলটোত প্ৰৱেশ কৰিব নোৱাৰিব কোনো লোক।
ইপিনে শিৱসাগৰতো বুধবাৰে পুনৰ ৮ গৰাকী লোকৰ দেহত ক’ৰোনাৰ ভাইৰাছ ধৰা পৰে।
ইয়াৰে ৪ গৰাকী শিৱসাগৰ চহৰৰ গণকপট্টীৰ, ২ গৰাকী নাজিৰা ONGCৰ আৰু ২ গৰাকী ডিমৌৰ নিবাসী।
আটাইকেইগৰাকী অসমৰ বাহিৰৰ পৰা আহিছিল।
এই সংক্ৰমণৰ পিছত শিৱসাগৰ জিলাত দ্বিতীয় ৱেভত কোভিড পজিটিভৰ সংখ্যা ২৩ জনলৈ বৃদ্ধি হয়।
বিশ্বনাথ জিলাতো ১৪৪ ধাৰা জাৰি।
কভিডৰ সংক্ৰমণ ৰোধ কৰিবলৈ জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা।
সামাজিক দূৰত্ব,মাস্ক পিন্ধা বাধ্যতামূলক কৰিলে জিলা প্ৰশাসনে ।া