নিউজ ডেস্কঃ সম্পূৰ্ণ ৰূপে কোভিড-১৯ৰ সংক্ৰমণ শেষ হৈ যোৱা নাই ভাৰতত। কিন্তু তাৰ মাজতে কোভিড ভেকচিন অভিযান অব্যাহত আছে। বৰ্তমানলৈ দেশত ২০০ কোটি কোভিড ভেকচিন প্ৰদান কৰা হৈছে। মুঠ ৫৪৬দিনত এই সংখ্যা পাৰ কৰিছে ভাৰতত।

উল্লেখ্য যে, টীকাকৰণ অভিযান আৰম্ভ হোৱাৰ পৰা ২৭৭ দিনত ১০০ কোটি ভেকচিন ভেকচিন দিয়া হৈছিল ভাৰতীয় নাগৰিকক। প্ৰথম দুই পালি ভেকচিন সাধাৰণ ৰাইজে সময়মতে লৈছে যদিও, বুষ্টাৰ ড’জৰ প্ৰতি দেশবাসীৰ বিশেষ ইচ্ছা পৰিলক্ষিত হোৱা নাই।

মন কৰিবলগীয়া যে, ১৬ জানুৱাৰী, ২০২১ৰ পৰা আৰম্ভ হৈছিল কোৰোনাৰ টীকাকৰণ অভিযান। আৰু উক্ত বৰ্ষৰ ২৪ ফেব্ৰুৱাৰীত সম্পূৰ্ণ ১ কোটি ড’জ প্ৰদান কৰা হৈছিল। তাৰপাছত ক্ৰমে- ২৯ এপ্ৰিলত ১৫ কোটি ড’জ, ১৩ জুনত ২৫ কোটি ড’জ, ৭ আগষ্টত ৫০ কোটি ড’জ, ১৪ ছেপ্টেম্বৰত ৭৫ কোটি ড’জ, ২১ অক্টোবৰত ১০০ কোটি ড’জ, ৭ জানুৱাৰী, ২০২২ত ১৫০ কোটি ড’জ, ১৯ ফেব্ৰুৱাৰী, ২০২২ত ১৭৫ কোটি ড’জ দিয়া হয়।

১৬ জুলাই, ২০২২ত প্ৰকাশ কৰা চৰকাৰী তথ্য অনুসৰি, ১.০৪ কোটিৰো অধিক স্বাস্থ্য কৰ্মীসকলে দুবছৰত কোভিড ভেকচিনৰ প্ৰথম ড’জ প্ৰদান কৰা হয়। আৰু ইয়াৰ ভিতৰত ১ কোটিৰো অধিক লোকে দ্বিতীয় পালি ভেকচিনো লাভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply