দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীস্থিত জিলা উপায়ুক্তৰ কাৰ্যালয়তসোমবাৰে জিলা প্ৰশাসনে এক সংবাদমেলৰ জৰিয়তে জিলাখনৰ দুই সমষ্টিৰ ২০২২ চনৰ ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰে। উল্লখযোগ্য যে জিলা উপায়ুক্তৰ সভাকক্ষত জিলা প্ৰশাসনৰ উদ্যোগত জিলা নিৰ্বাচনী বিষয়াই এক সংবাদমেলৰ আয়োজন কৰে।
এই সংবাদমেলত জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত এইচ এন গৌতম উপস্থিত থকাৰ লগতে জিলা অতিৰিক্ত উপায়ুক্তা লক্ষ্মী কুটুম, ভাৰপ্ৰাপ্ত নিৰ্বাচনী বিষয়া কৃতাঞ্জলী কাশ্যপ উপস্থিত থাকি সংবাদমেলৰ জৰিয়তে ২০২২ চনৰ ভোটাৰ তালিকাৰ খচৰা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে। জিলাখনত ২০১১ চনৰ চূড়ান্ত ভোটাৰ তালিকাতকৈ ২০২২ চনৰ খচৰা ভোটাৰ তালিকাত ২৫০১ জন ভোটাৰ বৃদ্ধি পাইছে।
বৰ্তমানে জিলাখনৰ দুই সমষ্টিত থকা ৫৩৩ টা ভোটগ্ৰহণ কেন্দ্ৰৰ মুঠ ভোটাৰৰ সংখ্যা ৪,১৪,৫৫১ জন। ইয়াৰে মানকাচৰ সমষ্টিৰ ২৮০ টা ভোটগ্ৰহণ কেন্দ্ৰৰ মুঠ ভোটাৰৰ সংখ্যা ২,২৬,১৮৫ জন আৰু দক্ষিণ শালমাৰা সমষ্টিৰ ২৫৩ টা ভোটগ্ৰহণ কেন্দ্ৰত মুঠ ভোটাৰৰ সংখ্যা ১,৮৮,৩৬৬ জন। মানকাচৰ সমষ্টিত পুৰুষ ভোটাৰৰ সংখ্যা ১,১৪,০৯৫ জন আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে ১,১২,০৮৫। আনহাতে দক্ষিণ শালমাৰা সমষ্টিত পুৰুষ ভোটাৰৰ সংখ্যা ৯৬,৫৭৮ জন আৰু মহিলা ভোটাৰৰ সংখ্যা ৯১,৭৮৩। দুয়োখন সমষ্টিত তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ১০ জন।
এইবাৰ জিলাখনৰ দুই সমষ্টিত মুঠ ২,৫০১ জন ভোটাৰ বৃদ্ধি পাইছে। ইয়াৰে দুয়োখন সমষ্টিত পুৰুষ ভোটাৰৰ তুলনাত মহিলা ভোটাৰৰ সংখ্যা অধিক বৃদ্ধি পাইছে। এইবাৰ জিলাখনত ১,০২৫ জন পুৰুষ ভোটাৰ বৃদ্ধি পোৱাৰ লগতে ১৪৭৭ গৰাকী মহিলা ভোটাৰ বৃদ্ধি পাইছে।
লগতে পঢ়ক : অসম হেণ্ডবল সন্থাৰ পৰৱৰ্তী চাৰিখন প্ৰতিযোগিতাৰ দিন ঘোষণা
উল্লেখ্য যে আজিৰে পৰা ৩০ নৱেম্বৰ তাৰিখলৈ জিলাখনৰ দুয়োখন সমষ্টিত দাবী আৰু আপত্তি দাখিলৰ কাম আৰম্ভ কৰা হৈছে। ১ জানুৱাৰী ২০২২ তাৰিখলৈ ১৮ বছৰ সম্পূৰ্ণ হোৱা সকলো ভাৰতীয় নাগৰিকে যাতে ভোটাৰ তালিকাত নিজৰ নাম অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন কৰে তাৰ বাবে জিলা নিৰ্বাচনী বিষয়া এইছ এন গৌতমে সংবাদমেলযোগে প্ৰকাশ কৰি অহা ৫ জানুৱাৰী তাৰিখে জিলাখনৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব বুলি মত প্ৰকাশ কৰে।