দক্ষিণ শালমাৰা : পুনৰ ব্ৰহ্মপুত্ৰৰ বুকুত যন্ত্ৰ চালিত নাওঁসহ জব্দ ২২ টাকৈ গৰু। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা আৰু ফকিৰগঞ্জ থানাৰ অন্তৰ্গত দুটা পৃথক স্থানৰ পৰা আৰক্ষীয়ে পৃথকে পৃথকে অভিযান চলাই ২২ টা গৰু জব্দ কৰিবলৈ সক্ষম হৈছে।
দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত বাচিৰচৰত বৃহস্পতিবাৰে পুৱা প্ৰায় ৭ বজাত আৰক্ষীয়ে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলায়। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অতুল ৰায় প্ৰধানীযে নদীৰ মাজৰ পৰা নাওঁসহ ১০ টা গৰু জব্দ কৰিবলৈ সক্ষম হয়। গৰু কেইটাৰ ভৰি বান্ধি নাওঁখনত উঠাই বাংলাদেশৰ ফালে নিয়া অৱস্থাত আৰক্ষীয়ে অভিযান চলাইছিল। আৰক্ষীক দেখি গৰু সৰবৰাহকাৰী দলটো নাওঁ এৰি পলায়ন কৰাত আৰক্ষীয়ে গৰু কেইটা উদ্ধাৰ কৰাৰ লগতে নাওঁখন জব্দ কৰে।
আৰু পঢ়কঃ দক্ষিণ শালমাৰা মানকাচৰ জিলা গড়কাপ্তানী বিভাগত চলিছে চৰম দুৰ্নীতি
ইফালে জিলাখনৰ ফকিৰগঞ্জ থানা এলেকাৰ পোদাদাৰ ভিটা গাঁৱত বুধবাৰে নিশা প্ৰায় ১১ বজাত ফকিৰগঞ্জ আৰক্ষীয়ে আন এক পৃথক অভিযান চলাই ১২ টা গৰু জব্দ কৰে। নিশা কেইবাজনীয়া চোৰাং গৰু সৰবৰাহকাৰীয়ে গৰু কেইটা বাংলাদেশলৈ নিয়াৰ পথত আৰক্ষীয়ে গৰু কেইটা জব্দ কৰে।