গুৱাহাটী: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ক প্ৰশ্ন কাকত পৰীক্ষাৰ পূৰ্বেই ফাদিল হোৱা ঘটনা সন্দৰ্ভত চি আই ডিয়ে আৰম্ভ কৰা তদন্তৰ মাজতেই এই পৰ্যন্ত ২২ জন লোকক আটক কৰা হৈছে।

সোমবাৰে চি আই ডিয়ে গুৱাহাটীৰ কাহিলিপাৰাস্থিত ভাউৰী দেৱী ছাৰাউগী মুকবধিৰ বিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক, বিষয় শিক্ষক আৰু কৰ্মচাৰীসহিতে মুঠ ৩ জনক সোধপোছ চলাই থকাৰ মাজতেই ৰাজ্যৰ আন আন প্ৰান্তৰ পৰা আন কেইবাজনো লোকক আটক কৰে।

জানিব পৰা মতে, আটক কৰাসকলৰ মাজত অধিকাংশই হৈছে শিক্ষাৰ্থী। এই পৰ্যন্ত আটক হোৱাসকলৰ ভিতৰত আছে লখিমপুৰত ৫ জন, ধেমাজিৰ পৰা ১ জন, ডিব্ৰুগড়ৰ পৰা ৫ জন আৰু শদিয়া, তিনিচুকীয়াৰ পৰা বাকী কেইজন শিক্ষাৰ্থীক আটক কৰা হৈছে।

এইসকল শিক্ষাৰ্থীয়ে হোৱাটছএপৰ জৰিয়তে প্ৰশ্নকাকত লাভ কৰিছিল।

তথ্য অনুসৰি,  গুৱাহাটীৰ ভাউৰী দেৱী ছাৰাউগী মুকবধিৰ বিদ্যালয়ৰ পৰা পৰীক্ষাৰ পূৰ্বেই এটা প্ৰশ্ন কাকতৰ টোপোলা হেৰাইছিল। সেয়ে চি আই ডিয়ে প্ৰাৰম্ভিক তদন্তত এই বিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক জ্যোতিৰেখা বৰগোহাঁই আৰু শিক্ষক, কৰ্মচাৰী হেৰম্ব কুমাৰ দাস আৰু বিন্দেশ্বৰ তিমুংক আটক কৰে।

আনহাতে প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত সোমবাৰে চি আই ডিয়ে তলব কৰিছিল ছেবাৰ মুখ্য পৰীক্ষা নিয়ন্ত্ৰক জিমলি কাকতি শইকীয়া আৰু পৰীক্ষা নিয়ন্ত্ৰক নয়ন জ্যোতি শৰ্মাক। উল্লেখ্য যে,  প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়ন জ্যোতি শৰ্মাই আৰক্ষীৰ ওচৰত এক গোচৰ দাখিল কৰে যদিও সেই গোচৰ অসম আৰক্ষীয়ে চি আই ডিলৈ হস্তান্তৰ কৰে। আৰু চি আই ডিত ৩/২৩ নম্বৰত গোচৰ পঞ্জীয়ন কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply