মানকাচৰ : মানকাচৰত এদিনত নতুনকৈ কভিডত আক্রান্ত হ’ল ২৩ জনকৈ লোক। শুকুৰবাৰে মানকাচৰত এদিনতে সৰ্বাধিক ২৩ গৰাকী লোক ক’ভিডত আক্ৰান্ত। দক্ষিণ শালমাৰা-মানকাচৰ জিলাত কভিড আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পালে ৯৭ জনলৈ। ধুবুৰীত ক’ভিড আক্রান্ত লোকৰ সংখ্যা ৩০০ ৰ অধিক হোৱাত জিলাখনৰ সকলো শিক্ষা প্ৰতিষ্ঠান ১৫ দিনৰ বাবে বন্ধ।
সমগ্ৰ দেশৰ লগতে অসমতো প্ৰতিদিনে বৃদ্ধি পাইছে কভিড আক্রান্ত লোকৰ সংখ্যা। অসমৰ অন্যান্য জিলা সমূহৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো প্ৰতিদিনে নতুন নতুন লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি। শুকুৰবাৰে জিলাখনৰ মানকাচৰত একেদিনাই ২৩ জনকৈ লোকৰ ক’ভিডৰ অৱস্থিতি ধৰা পৰে।
শুকুৰবাৰে ২৩ জনকৈ লোক ক’ভিডত আক্রান্ত হোৱাৰ পিছতে জিলাখনত আক্রান্তৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি পাইছে। উল্লেখ্য যে ইয়াৰ পূৰ্বে জিলাখনত একেদিনাই সৰ্বাধিক ১৩ জন লোক আক্ৰান্ত হৈছিল কভিডত।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাত অহা ২ মে’ৰ অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ বাবে জিলা উপায়ুক্তৰ কাৰ্যালয়ত এজেন্ট সকলক কভিড পৰীক্ষা কৰি প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। শুকুৰবাৰে এজেন্ট সকলক পৰীক্ষা কৰাৰ সময়ত চাৰিজন এজেণ্টৰ ক’ভিড আক্রান্ত বুলি ধৰা পৰে ।
আনহাতে নামনি অসমৰ ধুবুৰী জিলাত কভিড আক্রান্ত লোকৰ সংখ্যা ৩০০ অতিক্ৰম কৰাত জিলাখনৰ সকলো শিক্ষা অনুষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰা হৈছে। ধুবুৰীৰ জিলা উপায়ুক্তই জিলাখনত তৎকালীনভাৱে সকলো চৰকাৰী-বেচৰকাৰী শিক্ষা অনুষ্ঠান ১৫ দিনৰ বাবে বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰিছে।