মানকাচৰ : মানকাচৰত চি আৰ পি এফৰ গছ পুলি ৰোপণ অভিযান। জিলাখনৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত চি আৰ পি এফে ৰোপণ কৰিলে ২৩০০ গছ পুলি। বিশ্ব পৰিৱেশ দিৱসৰ দিনৰেই পৰা গছ পুলি ৰোপণ কাৰ্যসূচী হাতত লৈছে চি আৰ পি এফে। গছ পুলি ৰোপণৰ লগতে ৰাইজৰ মাজত বিনামূলীয়া মস্ক বিতৰণ কৰে চি আৰ পি এফে।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তবৰ্তী এলেকাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত বিশ্ব পৰিৱেশ দিৱসৰ দিনাৰ পৰা চি আৰ পি এফে গছ পুলি ৰোপণ অভিযান আৰম্ভ কৰে। বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে চি আৰ পি এফে আৰম্ভ কৰা এই অভিযানৰ অধীনত শুকুৰবাৰে জিলাখনৰ কুচনীমাৰা জোৰডাঙ্গা এম ই মাদ্ৰাছাত এক শতাধিক গছ পুলি ৰোপণ কৰা হয়।
চি আৰ পি এফৰ ৪৮-এ বেটেলিয়ানে জিলাখনৰ বিভিন্ন ঠাইত মুঠ ২৩০০ গছ পুলি ৰোপণ কৰাৰ সংকল্প গ্ৰহণ কৰিছে। বিশ্ব পৰিৱেশ দিৱসৰ দিনাৰ পৰা আৰম্ভ হৈছে এই গছ পুলি ৰোপণ কাৰ্যসূচী। প্ৰতিদিনে চি আৰ পি এফে বিভিন্ন অনুষ্ঠানত এক শতাধিককৈ গছ পুলি ৰোপণ কৰি অহা পৰিলক্ষিত হৈছে। বৰ্তমানলৈকে চি আৰ পি এফে প্ৰায় ১ সহস্ৰাধিক গছ পুলি ৰোপণ কৰা পৰিলক্ষিত হৈছে।
আৰু পঢ়কঃ পানীত পৰা লোকক উদ্ধাৰ কৰাৰ বাবে ৩১ গৰাকী সাতোৰিদক প্ৰশিক্ষণ
অনাগত দিনত জিলাখনৰ অন্যান্য প্ৰান্তত চি আৰ পি এফৰ এই গছ পুলি ৰোপণ কাৰ্যসূচী অব্যাহত থাকিব বুলি জানিব পৰা গৈছে। কুচনীমাৰা জোৰডাঙ্গা এম ই মাদ্ৰাছাত চি আৰ পি এফে গছ পুলি ৰোপণৰ লগতে স্থানীয় ৰাইজৰ মাজত বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰি সকলো লোকক ক’ভিড-১৯ ৰ প্ৰতি লক্ষ্য ৰাখি মাস্ক পৰিধান কৰিব লাগে বুলি ৰাইজক আহ্বান জনায়।