নিউজ ডেস্ক : কৰিমগঞ্জ জিলাৰ অসম-ত্ৰিপুৰা সীমান্তত দেওবাৰে নিশা অসম আৰক্ষীয়ে ত্ৰিপুৰাৰ পৰা আহি থকা এখন ট্ৰাকৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে।

আৰক্ষী সূত্ৰই জনোৱা মতে জব্দ কৰা গাঞ্জাখিনিৰ ওজন ২,৩৬০ কেজি। জব্দ কৰা গাঞ্জাখিনিৰ সৈতে দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি তেওঁলোকে জানিবলৈ দিয়ে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।

মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উক্ত অভিযানৰ বাবে আৰক্ষীক প্ৰশংসা কৰে। তেওঁ দিয়া এটা মুখ্য মন্ত্ৰী গৰাকীয়ে কয়, ‘ড্ৰাগছৰ ত্ৰাস নিৰ্মুল কৰিবলৈ চলাই থকা অবিৰত প্ৰচেষ্টাৰ অসম আৰক্ষীক শুভেচ্ছা জনাইছো। ইয়াক আগুৱাই নিয়ক।”

উল্লখযোগ্য যে ইয়াৰ পূৰ্বে শনিবাৰে নিশা উক্ত অঞ্চলটোত আৰক্ষীয়ে ২৫৬ কেজি গাঞ্জা জব্দ কৰিছিল।

লগতে পঢ়ক – প্ৰকৃতিৰ সুৰক্ষা, ৰক্তদান সম্পৰ্কে সজাগতাৰ বাৰ্তা লৈ গোলাঘাটত উপস্থিত গৌৰী শংকৰ কলিতা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply