হোজাইঃ হোজাই জিলা লংকা থানাৰ অন্তৰ্গত ফুলতলীৰ মডেল হস্পfতালৰ কোভিড চিকিৎসালয়ত চিকিৎসক-নাৰ্ছক আক্ৰমণৰ ঘটনাৰ লগত জড়িত ২৪জনক গ্ৰেপ্তাৰ।

গ্ৰেপ্তাৰ কৰা লোক কেইজন হৈছে মহম্মদ কমৰোদ্দিন, মহম্মদ জয়নাল উদ্দিন, ৰেহানুদ্দিন,ছাইদুল আলম, ৰহিম উদ্দিন, ৰাজুল ইছলাম, টৈবুৰ ৰহমান, চাহিল ইছলাম, ৰহিমুদ্দিন, আব্দুল কালাম, নজৰুল ইছলাম, আব্দুল গুমি, দিলৱাৰ হুছেইন, আব্দুল হুছেইন, আনোৱাৰ, নাছিৰুদ্দিন, আলীমুদ্দিন, জামিল আহমেদ, ছাৰিফুদ্দিন, ছফিকুদ্দিন, মতিবুৰ ৰহমান, মিছবা বেগম।

উল্লেখ্য যে, মঙলবাৰে কোভিড চিকিৎসালয় খনত এজন ৰোগীৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি উত্তেজিত পৰিস্থিতি সৃষ্টি হৈছিল।

আৰু পঢ়কঃপ্ৰতিগৰাকী চিকিৎসক-স্বাস্থ্যকৰ্মীৰ নিৰাপত্তা নিশ্চিত কৰিব চৰকাৰে : স্বাস্স্থ্যমন্ত্ৰী

চিকিৎসকে জানিবলৈ দিয়া মতে, চিকিৎসালয়খনত ভৰ্তি কৰা ৰোগীজনৰ কাঁহ জ্বৰৰ বাহিৰে আন বিশেষ সমস্যা নাছিল যদিও বিয়লি প্ৰায় ২ বজাত তেওঁৰ যে পুৱাৰে পৰা প্ৰস্ৰাৱ হোৱা নাছিল এই বিষয়ে চিকিৎসকক জানিবলৈ দিয়ে।

চিকিৎসকে কৃত্ৰিম ভাৱে প্ৰস্ৰাৱ কৰোৱাৰ ব্যৱস্থা লয় যদিও তেনে সময়তে হঠাৎ ৰোগীজনৰ মৃত্যু হয়।  এনে আকস্মিক মৃত্যুৰ ঘটনাক লৈ লগে লগে উন্মোত্ত হৈ পৰে ৰোগীৰ আত্মীয় সহ একাংশ লোক।

অৱশেষত চিকিৎসালয়খনৰ চিকিৎসক ডাঃ সেউজ সেনাপতি তথা নাৰ্ছক অতি নিৰ্দয়ভাৱে প্ৰহাৰ কৰে।

এঘন্টা ধৰি চলা এই উপদ্ৰৱৰ পাছত লংকা থানাৰ আৰক্ষীৰ লগতে জিলা প্ৰশাসনৰ দণ্ডাধীশো ঘটনা স্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ উপৰি গুৰুতৰভাৱে আহত চিকিৎসক আৰু কেইগৰাকীমান নাৰ্ছক উন্নত চিকিৎসাৰ বাবে আন চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply