দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাত বুধবাৰে নতুনকৈ ২৪ জনকৈ লোকৰ শৰীৰত ক’ভিডৰ অৱস্থিতি ধৰা পৰে। নতুনকৈ ২৪ জন লোক ক’ভিডত আক্ৰান্ত হোৱাত জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা ১৩৩৩ জনলৈ বৃদ্ধি পায়।
জিলাখনৰ মুঠ ২১খন ক’ভিড পৰীক্ষা কেন্দ্ৰত প্ৰতিদিনে ক’ভিড পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হৈছে। বিগত কিছুদিন ধৰি জিলাখনত ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা যথেষ্ট পৰিমাণে হ্ৰাস পাবলৈ ধৰিছে যদিও বুধবাৰে নতুনকৈ ২৪ জনকৈ লোক ক’ভিডত আক্ৰান্ত হয়। জিলাখনত ক’ভিড ৰোগীৰ সংখ্যা ১৩৩৩ জনলৈ বৃদ্ধি পাইছে। আক্রান্ত ৰোগীৰ ভিতৰত ৯৩৬ জন ৰোগী ইতিমধ্যে আৰোগ্য লাভ কৰিছে। আনহাতে জিলাখনত এতিয়াও ৩৯৭ জন লোক ক’ভিডত আক্ৰান্ত হৈ আছে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ১১ জন লোক ক’ভিড আক্রান্ত হৈ মৃত্যুৰ মুখত পৰিছে।
লগতে পঢ়ক : কেব চালকসকলৰ ঋণৰ কিস্তি ৰেহাই দিয়াৰ দাবী জাতীয় পৰিষদৰ
জিলাখনত মঙলাবাৰ পৰ্যন্ত মুঠ ১৬০০২ জন লোকক ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে। জিলাখনত যোৱা ১৬ জানুৱাৰীৰ পৰা ক’ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ কৰা হৈছে যদিও জিলাখনত প্ৰতিষেধক গ্ৰহণ কৰাৰ পৰা ৰাইজ বিৰত থকা পৰিলক্ষিত হৈছে। ভেকচিন নোলোৱা একাংশ লোকৰ পৰা জানিব পৰা মতে ক’ভিড প্ৰতিষেধক লোৱাত তেওঁলোক ভয় কৰে সেই বাবে তেওঁলোক ভেকচিন নলয়।