দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা মানকাচৰ জিলাত শনিবাৰে নতুনকৈ ২৪ জন লোকৰ শৰীৰত ক’ভিডৰ অৱস্থিতি ধৰা পৰে। জিলাখনত বৰ্তমান মুঠ ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ২২০ জনলৈ বৃদ্ধি পাইছে। নামনি অসমৰ অন্যান্য জিলা সমূহৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিড আক্রান্ত লোকৰ সংখ্যা।

ৰাজ্যৰ আন আন জিলাৰ সমান্তৰালভাৱে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ভয়াবহভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড পজিটিভ ৰোগীৰ সংখ্যা। ইতিমধ্যে জিলাখনত এজন ক’ভিড আক্ৰান্ত ৰোগী মৃত্যু মুখত পৰাৰ লগতে শনিবাৰৰ দিনটোত সৰ্বাধিক ২৪ জনকৈ লোক ক’ভিডত আক্ৰান্ত হয়। ইয়াকে লৈ জিলাখনত মুঠ ২২০ জন লোক ক’ভিডত আক্ৰান্ত হৈছে।

জিলাখনত ইতিমধ্যে ৭০ জন লোক ক’ভিড ৰোগৰ পৰা আৰোগ্য লাভ কৰাৰ লগতে ১৫০ জন লোক বৰ্তমানেও আক্ৰান্ত হৈ আছে। ইফালে জিলাখনৰ মুঠ ১২ খনকৈ স্বাস্থ্য কেন্দ্ৰত ১৮ ৰ পৰা ৪৪ বছৰীয়া লোকক ক’ভিড পৰীক্ষা কৰি ভেকচিন প্ৰদান কৰি থকা হৈছে। তদুপৰি ৪৫ বছৰ উৰ্ধৰ লোক সকলকো ভেকচিন প্ৰদান প্ৰক্ৰিয়া অব্যাহত আছে জিলাখনত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,277 other subscribers

Leave a comment

Leave a Reply