গুৱাহাটী : কংগ্ৰেছে ইতিমধ্যে উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পৰা মনোনয়ন পত্ৰৰ বাবে আবেদন পত্ৰ বিচাৰিছিল। এই হিচাপত পাঁচটা সমষ্টিৰ পৰা মুঠ ২৪ জনে টিকট বিচাৰি প্ৰদেশ কংগ্ৰেছক আবেদন কৰিছে। কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে সদৰী কৰা মতে, মৰিয়নিৰ পৰা ১০ জনে, থাউৰাৰ পৰা ৫ জনে, ভৱানীপুৰৰ পৰা ১১ জনে, তামুলপুৰৰ পৰা ৪ জনে আৰু গোঁসাইগাঁৱৰ পৰা ৪ জনে বিচাৰিছে টিকট৷
ইপিনে শাসকীয় মিত্ৰজোঁটে পাঁচটা সমষ্টিৰ বাবে সাজু হৈছে ৷ ইতিমধ্যে জানিব পৰা মতে কংগ্ৰেছৰ পৰা আহি বিজেপিত যোগ দিয়া ৰূপজ্যোতি কুৰ্মীয়ে পাব মৰিয়নিৰ টিকট৷ থাউৰাত টিকট প্ৰদান কৰা হ’ব সুশান্ত বৰগোহাঁই৷ এআইইউডিএফৰ পৰা আহি বিজেপিত যোগ দিয়া ফণী তালুকদাৰক দিব ভৱানীপুৰৰ টিকট৷ শাসকীয় মিত্ৰজোঁটৰ অংশীদাৰ ইউ পি পি এলক এৰি দিব তামুলপুৰ আৰু গোঁসাইগাঁও সমষ্টি।
লগতে পঢ়ক : এইবাৰ উপ নিৰ্বাচনত বিজেপিৰ জয় নিশ্চিত : প্ৰদান বৰুৱা
উপ-নিৰ্বাচনৰ দিন নিৰ্বাচন আয়োগে ঘোষণা কৰাৰ পিছতে তাৎক্ষণিকভাৱে মাজুলীৰ বিধায়ক পদৰ পৰা পদত্যাগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ সোমবাৰে ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱা সৰ্বানন্দ সোণোৱালে মঙলবাৰে মাজুলীৰ বিধায়ক পদৰ পৰা পদত্যাগ কৰাৰ পিছত পৰৱৰ্তীকালত নিৰ্বাচন আয়োগে মাজুলীৰ বাবেও উপ নিৰ্বাচনৰ দিন ঘোষণা কৰিব৷