মানকাচৰ : এটা দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰা এজনীয়া পৰিয়ালৰ মাহেকত বিদ্যুতৰ বিল কিমান হ’ব পাৰে ? খুব বেছি দুই, তিনি বা চাৰিশ টকা, কিন্তু মানকাচৰত মাত্ৰ এটা বাল্ব ব্যৱহাৰ কৰা এগৰাকী বিধৱা মহিলাৰ চাৰি মাহৰ বিদ্যুৎ বিল আহিল প্ৰায় ২৪ হেজাৰ টকা। ইয়াকে লৈ এতিয়া মানকাচৰত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজলমৰ আদৰ্শ গাঁও পঞ্চায়ত কুচনিমাৰা জোৰডাঙ্গা। আদৰ্শ গাঁও পঞ্চায়ত বসবাস কৰা দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়ালৰ বিদ্যুৎ বিলৰ ক্ষেত্ৰত বিদ্যুৎ বিভাগৰ চৰম মৈমতালিক লৈ গাঁওখনৰ ৰাইজৰ মাজতো প্ৰতিক্ৰিয়াত সৃষ্টি হৈছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাত প্ৰতিদিনে ৪ ৰ পৰা ৫ ঘণ্টা সময় বিদ্যুৎ যোগান দিয়া হয়। কেতিয়াবাহে খুব বেছি ৮ ৰ পৰা ১০ ঘণ্টা বিদ্যুৎ যোগান ধৰা হয়।

লগতে পঢ়ক : ৰাজ্যত ভেকচিনৰ নাটনি : সময়সীমা পাৰ হোৱাৰ পিছতো দ্বিতীয়টো পালি লাভ কৰা নাই বহুজনে

বিদ্যুৎ যোগানৰ ক্ষেত্ৰত পৰ্যাপ্ত ভল্টেজ যোগান ধৰিব নোৱাৰাত গ্ৰাহক সকলে বিদ্যুৎ সেৱা ব্যৱহাৰ কৰিব নোৱাৰে। ইয়াৰ মাজতে মাত্ৰ এটা বাল্ব ব্যৱহাৰ কৰা পৰিয়ালৰ বিদ্যুৎৰ বিল আহিল ২৪ হাজাৰ টকা। জানিব পৰা মতে গাঁওখনৰ কেইবাটাও পৰিয়ালৰ ২৪ ৰ পৰা ২৮ হাজাৰ টকা পৰ্যন্ত বিদ্যুৎত বিল আহিছে। স্থানীয় ৰাইজে ইয়াৰ উচিত তদন্তৰ দাবী জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply