গুৱাহাটী : ৰাজ্যত অপৰিবৰ্তিত হৈ আছে বান পৰিস্থিতি। বৰষুণৰ মাত্ৰা বৃদ্ধি পোৱাত ক্ৰমাৎ অধিক জটিল হৈ পৰিছে ৰাজ্যৰ বান পৰিস্থিতি। বৰ্তমানলৈকে ৰাজ্যৰ ২৫ খনকৈ বছৰৰ দ্বিতীয়টো বানৰ কবলত পৰিছে। ২৫ খন জিলাত ১১ লাখ লোক প্ৰভাৱিত হৈছে বছৰৰ দ্বিতীয়টো বানত।
ৰাজ্যৰ বান পৰিস্থিতি অধিক ভয়াবহ হোৱাৰ দিশত গতি কৰিছে। নেৰা নেপেৰা বৰষুণ অব্যাহত থাকিলে আগন্ত দিনত ৰাজ্যৰ বান পৰিস্থিতি অধিক শোচনীয় হৈ পৰিব। বৰ্তমানলৈকে ৰাজ্যৰ ২৫ খনকৈ জিলাৰ বানৰ কবলত পৰিছে যদিও বৰষুণৰ ধাৰা একে থাকিলে আৰু অধিক জিলা বানৰ পানীয়ে প্লাৱিত কৰাটো নিশ্চিত।
বান কবলত পৰা ৰাজ্যৰ ২৫ খন জিলাৰ ১১ লাখ লোক বানপানীৰ ফলত প্ৰভাৱিত হৈছে। বান প্ৰভাৱিত জিলা সমূহৰ ভিতৰত সবাতোকৈ অধিক ক্ষতিগ্ৰস্ত হৈছে নৱ গঠিত বজালী জিলা। ব্ৰহ্মপুত্ৰৰ লগতে সৰু-বৰ নৈ-উপনৈ সমূহৰ জলপৃষ্ঠ ফেনে ফুটুকাৰে বৃদ্ধি পাই থকাৰ ফলত কেইবাঠাইটো মাথাউৰি ছিঙি বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ পৰিছে।
ইফালে ব্ৰহ্মপুত্ৰ, কপিলী, পুঠিমাৰী, পাগলদিয়া, জীয়া ভৰালী, মানাহ আৰু বেকী নদী বিভিন্ন অঞ্চলত বিপদ সীমাৰ ওপৰেৰে বৈ আছে। বান প্ৰভাৱিত অঞ্চলত সমূহত বানাক্ৰান্ত ৰাইজৰ উদ্ধাৰ অভিযান ক্ষিপ্ৰতাৰে চলাই আছে এন ডি আৰ এফ আৰু এছ ডি আৰ এফ বাহিনীৰ জোৱান সকলে।
লগতে পঢ়ক – বালিপাৰাত বানাক্ৰান্ত ৰাইজৰ উদ্ধাৰ অভিযানত নামিল বিধায়ক কৃষ্ণকমল তাঁতী
বৰষুণৰ ফলত ভূমিস্খলনৰ ঘটনাও বৃদ্ধি পাইছে ৰাজ্যত। যোৱা ২৪ ঘণ্টাত ৰাজ্যত ২০ টাকৈ সৰু-বৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। ডিমা হাছাও, গোৱালপাৰা, হোজাই, কামৰূপ আৰু কামৰূপ মহানগৰ জিলাত সংঘটিত হৈছে এই ভূমিস্খলনৰ ঘটনা। গোৱালপাৰাত দুটিকৈ শিশুৰো মৃত্যু হৈছে ভূমিস্খলনত।