নিউজ ডেস্কঃ ৰাজ্যত অতি শীঘ্ৰেই বৃদ্ধি পাব পৌৰ কৰ। ২৫ শতাংশ পৰ্যন্ত বৃদ্ধি পাব ৰাজ্যৰ পৌৰ কৰ। এই কথা মঙলবাৰে ঘোষণা কৰে মন্ত্ৰী অশোক সিংহলে।
মন্ত্ৰী গৰাকীয়ে জনাই যে, ৰাজ্যৰ এতিয়াও বহু জিলাত পৌৰ কৰ বহু কম। কিন্তু এই পৌৰ কৰ বৃদ্ধি ক্ষেত্ৰত কেৱল পৌৰসভায়ে নিজা সিদ্ধান্ত মৰ্মে গ্ৰহণ কৰিব বুলি মন্ত্ৰী সিংহলে সংবাদ মাধ্যমৰ আগত অৱগত কৰে।
লগতে, ডিব্ৰুগড় বিধায়ক প্ৰশান্ত ফুকনে মন্ত্ৰী সিংহলক জনোৱা অনুসৰি জিলাখনৰ পৌৰ কৰ বৰ্তমানেও বহু কম হৈ থকাৰ বাবে ২৫ শতাংশতকৈও বেছি কৰ মূল্য বঢ়াৰ সম্ভাৱনা আছে। কিন্তু ২৫ শতাংশতকৈ বেছি কৰ মূল্য বৃদ্ধি কৰিবলৈ হ’লে চৰকাৰক প্ৰস্তাৱ দিব লাগিব বুলি সিংহালে কয়।
ইফালে, এতিয়াৰ পৰা জাবৰ-জোথৰ নিয়াৰ বাবে মাহেকত দিব নালাগিব কোনো কৰ। বছৰকেৰ মূৰত এবাৰেই কৰ পৰিশোধ কৰিব লাগিব জাবৰ নিবৰ বাবে।