গুৱাহাটীঃ শনিবাৰে গুৱাহাটীত Narcotics Control Bureauৰ দ্বাৰা চলোৱা এক বৃহৎ অভিযানৰ অংশ হিচাপে জব্দ কৰা ২৫কেজি ড্ৰাগছ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত দাহন কৰা হ’ব ।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰ-পূবত ভয়াবহ ড্ৰাগছৰ পৰিস্থিতি আৰু ৰাষ্ট্ৰীয় সুৰক্ষা’ সন্দৰ্ভত এক আঞ্চলিক বৈঠকত অংশগ্ৰহণ কৰিব। এই সভাত উত্তৰ-পূবৰ গোটেই কেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষীৰ উচ্চ পদস্থ বিষয়াসকলে অংশগ্ৰহণ কৰিব।
Narcotics Control Bureauএ প্ৰায় ১১,০০০ কেজি নিচাজাতীয় সামগ্ৰীয়ো দাহন কৰিব।
ইয়াৰ উপৰিও, Narcotics Control Bureauএ উত্তৰ-পূবৰ বিভিন্ন ঠাইত অভিযান চলাই জব্দ কৰা মুঠ ১৩,৬৭৫কেজি হেৰোইন, গাঞ্জা, কফ চিৰাপ, নিচাজাতীয় টেবলেটৰ ভিতৰত অসমত (২,৫৩১ কেজি) আৰু ত্ৰিপুৰা (১১,১৪৪ কেজি) দাহন কৰা হ’ব বুলি এজন এন চিবি বিষয়াই উল্লেখ কৰে।
সমাজক ড্ৰাগছমুক্ত কৰাৰ লক্ষ্যৰে নৰেন্দ্ৰ মোদী চৰকাৰৰ প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰি, গৃহ মন্ত্ৰণালয়ৰ অধীনত Narcotics Control Bureauএ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে ১ জুনৰ পৰা এক বিশেষ অভিযান চলাই আছে।
স্বাধীনতাৰ ৭৫ তম বাৰ্ষিকী উপলক্ষে এনচিবিয়ে সিদ্ধান্ত লৈছিল যে ৭৫ দিনৰ এই বিশেষ অভিযানৰ সময়ত এনচিবিৰ সকলো আঞ্চলিক গোটৰ দ্বাৰা ৭৫,০০০ কেজি নিচাজাতীয় দ্ৰব্য দাহ কৰিব।
এনচিবিয়ে সময়সীমাৰ ঠিক আগতে মাত্ৰ ৬০ দিনৰ ভিতৰত লক্ষ্যপ্ৰাপ্তি কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৩০ জুলাইৰ ভিতৰত প্ৰায় Narcotics Control Bureauএ জব্দ কৰা প্ৰায় ৮২,০০০ কেজি ড্ৰাগছ দাহ কৰা হৈছিল।
এই অভিযানৰ অধীনত ৩০ জুলাইত চণ্ডিগড়ত অনুষ্ঠিত এক ৰাষ্ট্ৰীয় সন্মিলনত গৃহমন্ত্ৰীয়ে ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে এনচিবিৰ বিভিন্ন ক্ষেত্ৰ গোটৰ দ্বাৰা ৩১,০০০ কিলোগ্ৰাম নিচাজাতীয় সামগ্ৰী দাহ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে।
১জুনৰ পৰা ৭ জুনলৈকে এই বিশেষ অভিযানৰ সময়ত Narcotics Control Bureauএ প্ৰায় ১,০৯,০০০ কেজি জব্দ কৰা নিচাজাতীয় সামগ্ৰী দাহ কৰিছে।