সোণাৰিঃ বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ বাবে আজি পবিত্ৰ দিন “বুদ্ধ পূৰ্ণিমা”।

বৌদ্ধধৰ্মৰ প্ৰৱৰ্তক বুদ্ধদেৱৰ জন্ম,জ্ঞানলাভ আৰু মহাপৰিনিৰ্বাণ এই তিনিওটা পৰিঘটনা ব’হাগৰ পূৰ্ণিমাৰ দিনটোতেই হৈছিল বাবেই এই দিনটোক পবিত্ৰ বুদ্ধ পূৰ্ণিমা তিথি হিচাপে পালন কৰা হয়।

সমগ্ৰ পৃথিৱীৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে এই দিনটোতে বৌদ্ধ বিহাৰত বিশ্ব শান্তিৰ বাবে বুদ্ধ পতাকা উত্তোলন কৰে।

আৰু পঢ়কঃৰাজ্য প্ৰশাসনৰ শীৰ্ষ স্তৰত পুনৰ ৰদ-বদল

এই পতাকাত থকা ৰঙে সাম্য-মৈত্ৰী, ত্যাগ, বীৰ্য, অহিংসা আৰু বুদ্ধৰ বত্ৰিশ গুণক নিৰ্দেশ কৰি বুদ্ধৰ সমগ্ৰ জীৱন সত্ত্বাক প্ৰতিপন্ন কৰে বুলি বিশ্বাস কৰা হয়।

বিশ্বৰ আন ঠাইৰ লগতে চৰাইদেউ জিলাৰ চলাপথাৰৰ বৌদ্ধ বিহাৰতো পালন কৰা হয় ২৫৬৫ সংখ্যক বুদ্ধ পূৰ্ণিমাৰ। চলাপথাৰ বৌদ্ধ বিহাৰত ছয় ৰশ্মিযুক্ত বৌদ্ধ পতাকা উত্তোলন, বুদ্ধ বন্দনা কৰাৰ লগতে বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা কৰে বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে।

উল্লেখ্য যে দ্ৰুতগতিত ক’ৰণাৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি চলাপথাৰ বৌদ্ধ বিহাৰত অনুষ্টুপীয়াকৈ পালন কৰা হয় বুদ্ধ পূৰ্ণিমাৰ কাৰ্যসূচী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply