ৰোহিংগীয়া নহয় যদিও ম্যানমাৰৰ নাগৰিক

গুৱাহাটী : দেওবাৰে পল্টন বজাৰ আৰক্ষীৰ জালত পৰিছিল ২৬ গৰাকীকৈ ম্যানমাৰৰ যুৱক-যুৱতী। প্ৰথম অৱস্থাত এই যুৱক-যুৱতী সকল ৰোহিংগীয়াৰ নাগৰিক বুলি সন্দেহ কৰা হৈছিল যদিও এইসকলৰ যুৱক-যুৱতী ৰোহিংগীয়া নহয়।

প্ৰথম অৱস্থাত এইসকলক আৰক্ষীয়ে ৰোহিংগীয়া বুলি সন্দেহ কৰিছিল যদিও পৰৱৰ্তী সময়ত এইটো স্পষ্ট হয় যে এইসকল ম্যানমাৰৰ নাগৰিক। দেওবাৰে পল্টন বজাৰস্থিত কামৰূপা ল’জৰ পৰা পল্টন বজাৰ আৰক্ষীয়ে এক অভিযান চলাই ২৬ গৰাকী যুৱক-যুৱতীক গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ কবলৰ পৰা ভূৱা ভাৰতীয় ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড জব্দ কৰিছিল।

লগতে পঢ়ক  :  পল্টন বজাৰ আৰক্ষীৰ জালত সন্দেহজনক ৰোহিংগীয়া

পল্টন বজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই ২৬ গৰাকী ম্যানমানৰৰ যুৱক-যুৱতীৰ ভিতৰত ১০ গৰাকী যুৱতী আৰু ১৬ গৰাকী যুৱক। ধৃত যুৱক-যুৱতীয় সকল দিল্লীলৈ যোৱাৰ বাবে পল্টন বজাৰৰ কামৰূপা ল’জত বাহৰ পাতিছিল। এই ২৬ গৰাকী যুৱক-যুৱতী অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,266 other subscribers

Leave a comment

Leave a Reply