শুকুৰবাৰে ৰাজ্যত ৩,১৭৯ গৰাকী ব্যক্তিৰ শৰীৰত ক’ভিড পজিটিভ ধৰা পৰাৰ লগতে ক’ভিডত আক্ৰান্ত হৈ পুনৰ ২৬ গৰাকী ব্যক্তিৰ মৃত্যু হয়।
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে দিয়া তথ্য অনুসৰি ৰাজ্যত কালিৰ দিনটোত ক’ভিড আক্ৰান্তৰ হাৰ আছিল ৪.৪৩ শতাংশ।
কালি ৰাজ্যত ৭২,২৩৯ গৰাকী ব্যক্তিৰ ক’ভিড পৰীক্ষা কৰা হৈছিল।
বৃহস্পতিবাৰে অসমত ক’ভিড আক্ৰান্ত লোকৰ হাৰ আছিল ৪.৫৮ শতাংশ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ২৬গৰাকী।
উল্লেখযোগ্য যে শুকুৰবাৰ পৰ্য্যন্ত অসমত ১,৩০৭ গৰাকী লোকে ক’ভিডত আক্ৰান্ত হৈ মৃত্যুক সাবটি লৈছে।
কালি মৃত্যু হোৱা ২৬ গৰাকী ব্যক্তিৰ ৮ গৰাকী কামৰূপ মহানগৰৰ, ৪ গৰাকী কামৰূপ গ্ৰাম্যৰ, ২ গৰাকীকৈ ডিব্ৰুগড়, হোজাই, শিৱসাগৰ আৰু নগাঁও জিলাৰ আৰু ১ গৰাকীকৈ কাচাৰ, দৰং, বৰপেটা, গোলাঘাট, নলবাৰী আৰু ওদালগুৰি জিলাৰ।
আনহাতে আক্ৰান্ত লোকৰ সংখ্যা কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ১,২৮৪ গৰাকী, ডিব্ৰুগড়ত ২৪৫ গৰাকী, নলবাৰীত ১৩৩ গৰাকী আৰু কামৰূপ গ্ৰাম্যত ১৩৩ গৰাকী ব্যক্তিৰ ক’ভিড ধৰা পৰে। এই পৰ্য্যন্ত ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈ থকা লোকৰ সংখ্য হৈছে ২৩,৮২৬ গৰাকী