গোলাঘাট : গোলাঘাটত উদ্ধাৰ হৈছে ২৭ লাখ টকা। ডিমাপুৰৰ পৰা চুৰি হোৱা ২৭ লাখ টকা গোলাঘাটত উদ্ধাৰ কৰিলে আৰক্ষীয়ে। অংকিত জৈন নামৰ এজন লোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা টকাখিনি মিন্টু তাঁতী নামৰ এজন লোকে চোৰ কৰিছিল।

গোলাঘাটৰ থুৰামুখত উদ্ধাৰ হৈছে ২৭ লাখ ৫৮ হাজাৰ টকা। নাগালেণ্ডৰ ডিমাপুৰৰ পৰা এই টকাখিনি চুৰি কৰি আনিছিল বুলি জানিব পৰা গৈছে। কাৰ্বি আংলংৰ বৰপথাৰৰ মিন্টু তাঁতী নামৰ এজন লোকে এই বৃহৎ পৰিমানৰ টকাখিনি ডিমাপুৰৰ অংকিত জৈন নামৰ এজন লোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা চোৰ কৰিছিল যোৱা জুন মাহৰ ১১ তাৰিখে।

জানিব পৰা মতে টকাখিনি চুৰি কৰা ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ জেনেৰেটৰ অপাৰেটৰ হিচাপে কাম কৰিছিল মিন্টু তাঁতীয়ে। টকাখিনি চুৰ কৰি থুৰামুখ গ্ৰান্ট গাঁৱত আত্মগোপন কৰি আছিল মিন্টু তাঁতী। ডিমাপুৰ আৰক্ষী আৰু গোলাঘাট আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি মিন্টু তাঁতীক আটক কৰিছে।

লগতে পঢ়ক :  স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত কাৰ্বি পাহাৰত উগ্ৰপন্থীৰ আত্মসমৰ্পণ

ডিমাপুৰ আৰক্ষীয়ে উদ্ধাৰ হোৱা টকাখিনিৰ লগতে ধৃত মিন্টু তাঁতীক ডিমাপুৰলৈ নিছে। জানিব পৰা মতে মিন্টু তাঁতীয়ে অংকিত জৈন নামৰ এজন লোকজনৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ৪০ লাখ টকা চোৰ কৰিছিল। আৰক্ষীয়ে বৰ্তমান ২৭ লাখ ৫৮ হাজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply