ডিফু : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত কাৰ্বি পাহাৰত উগ্ৰপন্থীৰ আত্মসমৰ্পণ। কাৰ্বি পাহাৰত ২৭ গৰাকী কুকি উগ্ৰপন্থীৰ আত্মসমৰ্পণ।
৭৫ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ এটা দিন। দেওবাৰে সমগ্ৰ দেশবাসীয়ে উদযাপন কৰিব স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ এই প্ৰাকক্ষণত অস্ত্ৰ ত্যাগ কৰিলে কুকি উগ্ৰপন্থী সংগঠনৰ ২৭ গৰাকী সদস্যই।
কুকি উগ্ৰপন্থী সংগঠন ইউ পি আৰ এফৰ ২৭ গৰাকীকৈ সদস্যই আত্মসমৰ্পণ কৰিলে। কাৰ্বি আংলং জিলাৰ ডিলাইৰ ছাইজাঙত আত্মসমৰ্পণ কৰে কুকি উগ্ৰপন্থী সংগঠনৰ সদস্য কেইজনে।
অসম আৰক্ষীৰ ডিফুৰ ডি আই জি সত্যৰাজ হাজৰিকাৰ ওচৰত আত্মসমৰ্পণ কুকি উগ্ৰপন্থী সংগঠনৰ সদস্য কেইজনে। আত্মসমৰ্পণ অনুষ্ঠানত উপস্থিত থাকে জিলা আৰক্ষী অধীক্ষক পুস্পৰাজ সিং।
লগতে পঢ়ক : দক্ষিণ শালমাৰা-মানকাচৰ জিলাবাসীৰ বাবে এট ভাল খবৰ
আত্মসমৰ্পণ কৰা কুকি উগ্ৰপন্থী সংগঠনৰ সদস্য কেইজনে আৰক্ষীৰ হাতত জমা দিয়ে সৰু বৰ ১৭ টাকৈ মাৰণাস্ত্ৰ। ৪ টা অত্যাধুনিক ৰাইফল, ৫ টা পিষ্টল, বন্দুক আৰু পইণ্ট টুটু বন্দুক জমা দিয়ে উগ্ৰপন্থী কেইজনে।