মহামাৰী কৰ'না

ক’ভিডৰ দ্বিতীয়টো ঢৌত এই পৰ্য্যন্ত ভাৰতত ২৭০ গৰাকীয়ে চিকিৎসকে প্ৰাণ হেৰোৱাব লগীয়া হৈছে।

মঙলবাৰে ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনে এই কথা প্ৰকাশ কৰিছে।

বিহাৰত আটাইতকৈ বেছি চিকিৎসকে প্ৰাণ হেৰোৱাব লগা হৈছে। ৰাজ্যখনত এই পৰ্য্যন্ত ৭৮ গৰাকী চিকিৎসকৰ মৃত্যু হৈছে। ইয়াৰ পিছতে উত্তৰ প্ৰদেশত ৩৭ গৰাকী, দিল্লীত ২৯ গৰাকী আৰু অন্ধ্ৰ প্ৰদেশত ২২ গৰাকী চিকিৎসকৰ মৃত্যু হৈছে।

উল্লেখযোগ্য যে ক’ভিডৰ দ্বিতীয়টো ঢৌত মৃত্যু হোৱা চিকিৎসকলৰ ভিতৰত ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি ডাঃ কে কে আগৰৱালো অন্যতম।

সোমবাৰে নিশা ১১.৩০ বজাত বিশিষ্ট হৃদ ৰোগ বিশেষজ্ঞগৰাকীয়ে কেইবাদিন ধৰি চিকিৎসাধীন হৈ থকাৰ পিছত মৃত্যুক সাবটি লয়।

আনহাতে, যোৱা বছৰত ক’ভিডৰ প্ৰথমটো ঢৌত দেশৰ ৭৪৮ গৰাকী চিকিৎসকৰ মৃত্যু হৈছিল। যাৰ মলত এই পৰ্য্যন্ত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা চিকিৎসকৰ সংখ্য হৈছে ১০১৮ গৰাকী।

ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ সভাপতি ডাঃ জে এ জয়ালালৰ মতে ‘ক’ভিড মহামাৰীৰ দ্বিতীয়টো ধৌ সকলোৰে বাবে মাৰাত্মক হিচাপে পৰিগণিত হৈছে, বিশেষকৈ চিকিৎসা কৰ্মীসকলৰ ক্ষেত্ৰত ই অধিক ভয়াৱহ ৰূপ লৈছে।’

লগতে পঢ়ক : ৰাজ্য়ৰ ১০খন জিলাত কৰোনাত আক্ৰান্তৰ সংখ্য়া সৰ্বাধিক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply