মানকাচৰ : নামনি অসমৰ ভাৰত-বাংলাদেশ সীমান্তৰ জিলা দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ভয়াবহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক ক’ভিডে। জিলাখনত বিগত কিছুদিন ধৰি ক’ভিডৰ সংক্ৰমণে ব্যাপক হাৰত বৃদ্ধি পাইছে। সংক্ৰমণ ৰোধৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষীৰ লগতে স্বাস্থ্য বিভাগ তৎপৰ হৈ উঠিছে যদিও নিয়ন্ত্ৰণলৈ অহা সংক্ৰমণৰ হাৰ।
বুধবাৰে জিলাখনৰ মানকাচৰত নতুনকৈ ২৮ জনকৈ লোকৰ শৰীৰত ক’ভিডৰ অৱস্থিতি ধৰা পৰে। বর্তমান জিলাখনত ক’ভিড আক্রান্ত লোকৰ সংখ্যা ৩১৭ জনলৈ বৃদ্ধি পাইছে। ইতিমধ্যে মানকাচৰত এজন ক’ভিড আক্ৰান্ত ৰোগী মৃত্যু মুখত পৰাৰ লগতে ১৩৩ জন ৰোগী আৰোগ্য লাভ কৰিছে।
আৰু পঢ়কঃ বৃহস্পতিবাৰৰ পৰা ব্যক্তিগত বাহন চলাচলৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব যুগ্ম-অযুগ্ম নীতি
আনহাতে ১৮৩ জন লোক এতিয়াও মানকাচৰত ক’ভিডত আক্ৰান্ত হৈ থকাৰ লগতে এজনক সংকটজনক অৱস্থাত গোৱালপাৰালৈ প্ৰেৰণ কৰা হৈছে বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিছে। আক্রান্ত সকলৰ ভিতৰত কিছু ৰোগী চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ লগতে কিছুবলোক হোম কোৱাৰেণ্টাইনত আছে।