গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ২৮ খন নতুন আই চি ইউ বিচনা মুকলি কৰাৰ লগতে চিকিৎসালয়খনৰ ক’ভিড চিকিৎসা ব্যৱস্থা আৰু আনুসংগিক দিশৰ বুজ লয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে চিকিৎসালয়খনত নতুন আই চি ইউ বিচনা সংযােজনে ক’ভিড ৰােগীৰ বাবে চিকিৎসা ব্যৱস্থা অধিক সুদৃঢ় কৰিব আৰু এই আই চি ইউ বিচনাসমূহ ক’ভিড ৰােগত আক্রান্ত নােহােৱা অন্যান্য জটিল ৰােগীৰ চিকিৎসাৰ ক্ষেত্ৰতাে ব্যৱহাৰ কৰিব পৰা যাব।
কালাপাহাৰস্থিত ক’ভিড চিকিৎসালয়ত মঙলাবাৰে ১০ খন অতিৰিক্ত আই চি ইউ বিচনা সংযােজন কৰাৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মুকলি কৰা ২৮ খন বিচনাকে ধৰি সৰ্বমুঠ ৩৮ খন আই চি ইউ বিচনা এই চিকিৎসালয় দুখনত সংযােজন কৰা হৈছে বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে আহিবলগীয়া কেইটামান দিনৰ ভিতৰতে চিকিৎসা মহাবিদ্যালয়খনত পুনৰ ২৮ খন আই চি ইউ বিচনা সংযােজনা কৰা হ’ব আৰু ইয়াকে ধৰি অহা ১৫ জুনৰ ভিতৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সৰ্বমুঠ ২০০ খন আই চি ইউ বিচনা সংযােজন কৰা হ’ব।
মুখ্যমন্ত্ৰীয়ে কয় যে শীঘ্ৰে কালাপাহাৰ চিকিৎসালয়ত ১০ এনে বিচনা সংযােজন কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে দ্রুততাৰে আই চি ইউ বিচনা সংযােজনৰ প্রকল্প ৰূপায়ন কৰা বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কর্তৃপক্ষৰ লগতে লােকনির্মাণ বিভাগ আৰু ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ কর্মকর্তাসকলক ধন্যবাদ জনায়। তেওঁ কয় যে বর্তমানলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, মহেন্দ্র মােহন চৌধুৰী চিকিৎসালয় আৰু কালাপাহাৰ ক’ভিড চিকিৎসালয়ত এজনাে ৰােগীয়ে আই চি ইউ বিচনা লাভ কৰাৰ পৰা বঞ্চিত হােৱা নাই।
আৰু পঢ়কঃ ৰাজ্যত আজিৰ দিনটোত আক্ৰান্তৰ হাৰ কমিছে যদিও মৃত্যুৰ সংখ্যা বৃদ্ধি
মুখ্যমন্ত্ৰীয়ে প্রতিদিনে ৰাজ্যত ১ লাখ লােকক ক’ভিড পৰীক্ষা কৰাৰ জটিল দায়িত্ব কার্যকৰী কৰাৰ বাবে স্বাস্থ্য বিভাগক ধন্যবাদ জনায়। ৰাজ্যত ক’ভিড পজিটিভৰ হাৰ ৫.৬৮ শতাংশলৈ অৱনমিত হােৱাটো ইতিবাচক খবৰ বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে। প্রতিজন ব্যক্তিকে যথাসম্ভৱ সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায় যিহেতু ক’ভিড পজিটিভৰ মৃত্যুৰ হাৰ এতিয়া হ্রাস হােৱা নাই আৰু ব্লেক আৰু হুৱাইট ফাংগাছৰ দৰে নতুন ৰােগে দেখা দিবলৈ আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে ক’ভিডৰ তৃতীয় প্রৱাহ আৰু শিশুৰ ওপৰত পৰিব পৰা ইয়াৰ প্ৰভাৱৰ সম্পর্কে প্রকাশিত হােৱা বা বাতৰি সম্পর্কত মঙলাবাৰে স্বাস্থ্য বিভাগৰ সৈতে তেওঁ বৈঠকত মিলিত হ’ব।