প্ৰবীণ বৰুৱা, মঙলদৈঃ মঙলদৈ সাংবাদিক সকলৰ উমৈহতীয়া অনুষ্ঠান মঙলদৈ প্রেছ ক্লাৱৰ বৃহস্পতিবাৰে ২৮ সংখ্যক প্রতিষ্ঠা দিৱসটি অনুষ্ঠিত হয়। প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত ক্লাৱৰ পতাকা উত্তোলন কৰে মঙলদৈ প্ৰেছ ক্লাবৰ সভাপতি মদন চন্দ্র বৰুৱাই|
ইয়াৰ পাছতেই মুখ্য উপদেষ্টা ৰাজেন্দ্র নাথ হাজৰিকাই স্মৃতি তৰ্পন কৰাৰ পিচতেই দিনৰ ১২বজাত অনুষ্ঠিত হয় মুকলি সভা আৰু সম্বদ্ধনা অনুষ্ঠান। মঙলদৈ প্ৰেছ ক্লাবৰ সভাপতি মদন চন্দ্ৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভা উদ্বোধন কৰে মঙলদৈ মহাবিদ্যালয় অধ্যক্ষ ড০ কমলা কান্ত বৰাই।
অনুস্থানত দৰঙৰ বিশিষ্ট শিক্ষাবিদ ফুলেন্দ্র নাথ চহৰীয়া মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মুখ্য অতিথিৰ ভাষণত চহৰীয়াই নিজৰ সাংবাদিকতা জীৱনৰ কথা সাৱলীলভাৱে বৰ্ণনা কৰে। ভাষণত চহৰীয়াই সাংবাদিক সকলৰ লিখনিৰ জৰিয়তে গণতন্ত্ৰৰ যে সঁচাকৈ চতুৰ্থ স্তম্ভ তাক প্ৰমাণ কৰিব লাগিব বুলি মন্তব্য কৰে।
ইফালে, সভাত দৰঙৰ আৰক্ষী অধীক্ষক ৰাজমোহন ৰায় বিশিষ্ট অতিথি ৰূপে অংশ গ্রহণ কৰে। মঙলদৈ প্রেছ ক্লাৱৰ সম্পাদক লক্ষীনন্দন কলিতা আৰু প্ৰেছ ক্লাবৰ উপসভাপতি তথা অসম বাৰ্তা জীৱি সন্থাৰ কেন্দ্ৰীয় সম্পাদক মুকুট ৰাজ শৰ্মাই আতঁ ধৰা সভাত অৱসৰি অধ্যাপক তথা পূৰ্বতে মঙলদৈ প্রেছ ক্লাৱৰ বিভিন্ন পদ অলংকৃত কৰা সাংবাদিক জামালুদ্দিন আহমেদ আৰু প্ৰবীন সাংবাদিক হৰেণ কলিতাক সম্বৰ্দ্ধনা জ্ঞাপন কৰে| প্রতিষ্ঠা দিৱসৰ মুকলি ও সম্বৰ্দ্ধনা কাৰ্যসূচীত সাংবাদিক সকলৰ উপৰিও মঙলদৈৰ বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।