নিউজ ডেস্ক- আজি ৰাজ্যত অনুষ্ঠিত হৈছে অসম বিধান সভাৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ১০বাজি ৩০ মিনিটৰ লৈকে ২০.২৫ শতাংশ ভোটদান সম্পন্ন হৈছে। ১৩খন জিলাৰ ৩৯টা সমষ্টিত অনুষ্ঠিত হৈছে নিৰ্বাচন।

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ৩৪৫ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৭৩ লাখ ৪৪ হাজাৰ ৬৩১ জন ভোটাৰে । ইয়াৰে পুৰুষ ভোটাৰ ৩৭,৩৪,৫৩৭ গৰাকী আৰু মহিলা ভোটাৰ ৩৬,০৯,৯৫৯ গৰাকী ।
তৃতীয় লিংগৰ ১৩৫ গৰাকী ভোটাৰে ভোটদান কৰিব। মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ১০,৫৯২ টা ।

আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা সমষ্টি কেইটা হৈছে বৰাকৰ ৰাতাবাৰী,পাথাৰকান্দি, উত্তৰ কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জ,বদৰপুৰ, হাইলাকান্দি, কাটলিচেৰা, আলগাপুৰ, শিলচৰ, সোনাই, ধলাই, উদাৰবন্দ, লক্ষীপুৰ, বৰখ’লা আৰু কাটিগড়া । ডিমা হাছাও জিলাৰ হাফলং, পশ্চিম কাৰ্বি আলং জিলাৰ বৈঠালাংছু, কাৰ্বিআংলং জিলাৰ বোকাজান , হাওৰাঘাট আৰু ডিফু । কামৰূপ জিলাৰ কমলপুৰ আৰু ৰঙিয়া, মৰিগাঁও জিলাৰ মৰিগাঁও, লাহৰিঘাট, জাগীৰোড, নগাঁও জিলাৰ নগাঁও, বঢ়মপুৰ, ৰহা হোজাই জিলাৰ যমুনামুখ, হোজাই আৰু লামডিং ওদালগুৰি জিলাৰ ওদালগুৰি, মাজবাট আৰু দলগাঁও সমষ্টি । দৰং জিলাৰ চাৰিটা সমষ্টি হ’ল মংগলদৈ, ছিপাঝাৰ, কলাইগাঁও আৰু পানেৰী । ইয়াৰ উপৰি নলবাৰী জিলাৰ নলবাৰী সমষ্টিত ভোটগ্ৰহণ হৈ আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply