গুৱাহাটীঃ অসম মিঞা পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদককে ধৰি তিনিজন লোকক সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত আটক কৰা হৈছে।

মঙলবাৰে গোৱালপাৰা জিলাত পিএমএৱাইৰ অধীনত আৱণ্টিত এটা ঘৰত স্থাপন কৰা বিতৰ্কিত ‘মিঞা মিউজিয়াম’টো প্ৰশাসনে ছীল কৰি দিয়াৰ পিছতে আৰক্ষীয়ে ৩জনক আটক কৰে।

মিউজিয়ামটো ছীল কৰি দিয়াৰ বিৰোধিতাত ধৰ্ণাত বহি থকা অৱস্থাত মিঞা পৰিষদৰ সভাপতি এম মোহৰ আলীক গোৱালপাৰা জিলাৰ দাপকাৰ ভিটাৰ সংগ্ৰহালয়ৰ পৰা উঠাই অনা হৈছিল, আনহাতে ইয়াৰ সাধাৰণ সম্পাদক আব্দুল বাতেন শ্বেখক মঙলবাৰে নিশা ধুবুৰী জিলাৰ আলমগঞ্জত থকা তেওঁৰ নিজ বাসগৃহৰ পৰা আৰক্ষীয়ে আটক কৰিছিল।

আনহাতে,দেওবাৰে সংগ্ৰহালয়টো উদ্বোধন কৰা তনু দাধুমিয়াক ডিব্ৰুগড়ৰ কাৱামাৰী গাঁৱৰ নিজ বাসগৃহৰ পৰা আটক কৰে আৰক্ষীয়ে।

অসমত ‘মিঞা’ শব্দটোৱে বাংলা ভাষী প্ৰব্ৰজনকাৰীসকলক বুজায় যাৰ উৎপত্তি বাংলাদেশৰ পৰা পোৱা যায়।

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, ভাৰতত আল কায়েদা (একিউআইএছ) আৰু আনছাৰুল বাংলা দলৰ (এবিটি) সৈতে সম্পৰ্ক থকাৰ অভিযোগত তদন্ত আৰু জেৰাৰ বাবে বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ (ইউএপিএ) বিভিন্ন ধাৰাৰ অধীনত ঘগ্ৰাপাৰ আৰক্ষী থানাত ৰুজু কৰা গোচৰৰ ভিত্তিত তিনিওজনক নলবাৰীলৈ অনা হৈছে।

অসম-মিঞা (অসমীয়া) পৰিষদে যোৱা ২৩ অক্টোবৰত লক্ষীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দাপকাৰ ভিটা গাঁৱস্থ আলী কমপ্লেক্সত উদ্বোধন কৰিছিল মিঞা মিউজিয়ামটো। মিউজিয়ামটো স্থাপন কৰাৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্র প্রতিক্রিয়াৰ। জ্যেষ্ঠ বিজেপি নেতাসকলে ইয়াক তাৎক্ষণিকভাৱে বন্ধ কৰাৰ দাবী জনাইছিল আৰু দলটোৰ সংখ্যালঘু মৰ্চাৰ সদস্য আব্দুৰ ৰহিম গিব্ৰানে পিএমএৱাই-আৱণ্টিত এটা ঘৰত সংগ্ৰহালয়স্থাপনৰ বিৰুদ্ধে লখিপুৰ আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল।

মুকলি হোৱাৰ দুদিনৰ পিছতেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গোৱালপাৰা জিলা প্ৰশাসনৰ হৈ লক্ষীপুৰ ৰাজহ চক্ৰ বিষয়া ৰাজীৱ গগৈয়ে উক্ত বিতৰ্কিত মিঞা মিউজিয়ামটো মঙলবাৰে ছীল কৰি দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply