মৰাণৰ ডোমৰ দলং চাহ বাগিচাত শুকুৰবাৰে সংঘটিত মৰ্মান্তিক ঘটনাৰ পিছত আজিও শোকাকুল পৰিবেশে বিৰাজ কৰি আছে সমগ্ৰ অঞ্চল ।
নৰাৰ টঙি ঘৰত জীৱন্তে অগ্নিদগ্ধ হৈ তিনিটি শিশুৰ কৰুণ মৃত্যু হৈছিল । জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হৈছিল দিনেশ মুণ্ডাৰ পুত্ৰ বিভান মুণ্ডা (২), পোতকু মুণ্ডাৰ পুত্ৰ অনুদ মুণ্ডা(৫), বেনাম কৰুৱাৰ পুত্ৰ কুহিনুৰ কৰুৱা (২.৫) বছৰ ।
কিন্তু, কেনেদৰে জুইৰ সুত্ৰপাত হৈছিল বৰ্তমানলৈকে পোহৰলৈ অহা নাই । অগ্নিকাণ্ডত দৈৱক্ৰমে ৰক্ষা পৰিছিল এটি শিশু ।
ইফালে এই ঘটনাৰ পিছতে অঞ্চলবাসীয়ে নিজ নিজ ঘৰত গোটাই ৰখা ধান খেৰ অথবা নৰাৰ টঙিসমূহ ভাঙি পেলোৱা দেখা যায়। বৰুৱাহোলা অঞ্চলৰ চাহ বাগিচাৰ লোকসকলে জাৰৰ দিনত এই খেৰসমূহ উম লবৰ বাবে ব্যৱহাৰ কৰাৰ লগতে পশুখাদ্যৰ বাবেও ব্যৱহাৰ কৰে ।
ভৱিষ্যতে এনে কাণ্ডৰ পৰা বাচি থাকিবৰ বাবে অঞ্চলবাসীয়ে নিজ নিজ ঘৰত থকা খেৰৰ টঙিসমূহ পুনৰ ভয়াবহ ঘটনা নহবৰ বাবেই ভাঙি পেলাবলৈ বাধ্য হয় ।
অঞ্চলবাসীৰ মাজত সজাগ -সচেতনতাৰ অভাব । দিন- হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা অঞ্চলটোৰ বেছিভাগ লোকে নিজৰ সন্তানক চকু দিবলৈয়ে সময় নেপায় ।
লগতে পঢ়ক- মাজত মাত্ৰ চাৰি দিন ,ৰাজ্যজুৰি মাঘ বিহুৰ প্ৰস্তুতি
উপযুক্ত বয়স হলেও কন কন শিশুসমূহ নেযায় অংগনবাড়ী কেন্দ্ৰলৈ । শিশুসমূহক শিক্ষামূখী কৰাৰ ক্ষেত্ৰত অংগনবাড়ী কেন্দ্ৰয়ো গুৰুত্ব নিদিয়াৰ অভিযোগ অঞ্চলবাসীৰ ।
ইফালে শুকুৰবাৰৰ ঘটনাটোৰ বাবে সমগ্ৰ ব্যৱস্থাটোৱে দায়ী বুলি অভিহিত কৰিছে সচেতন ৰাইজে ।