মহানগৰীত ড্ৰাগছ গাঞ্জাৰ প্ৰচলন এতিয়াও অবাধ গতিত চলি আছে। আজি
গড়চুকত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ। গড়চুক আৰক্ষীয়ে গোপন সুত্ৰৰ ভিত্তিত অভিযান চলাই এগৰাকী মহিলাৰ পৰা উদ্ধাৰ কৰে গাঞ্জা খিনি । ধৃত মহিলাগৰাকীৰ নাম হবিলা দৈমাৰী ।
মহিলাগৰাকীৰ পৰা জব্দ ১.৫০ কেজি গাঞ্জা, ৩৫হাজাৰ নগদ ধন জব্দ কৰে আৰক্ষীয়ে। দীৰ্ঘদিন ধৰি মহিলাগৰাকীয়ে চলাই আহিছিল নিচাযুক্ত সামগ্ৰীৰ অবৈধ বেহা। ঘটনা সন্দৰ্ভত গড়চুক আৰক্ষীৰ তদন্ত অব্যাহত
আনহাতে আজাৰ দিনৰ ভাগত হেদায়েত্পুৰৰ এটা ভাৰঘৰৰ পৰা জব্দ কৰে বৃহৎ পৰিমানৰ ড্ৰাগছ ।
চেন্ট্রেল SOGৰ অভিযানত জব্দ কৰে ড্ৰাগছ খিনি। অভিযানকালত আৰক্ষীয়ে আটক কৰে ৩টাকৈ ড্ৰাগছ পেডলাৰক। আটকাধীন তিনিজন হ’ল ৰহিম আলী, ৰহিলা বেগম আৰু নিজাম আলী।
লগতে পঢ়ক- কাজিৰঙাৰ এনিমেল কৰিডৰত অবৈধ নিৰ্মাণক লৈ মৌন কিয় প্ৰকৃতিপ্ৰেমী দল সংগঠন