শিৱসাগৰ: অ’ এন জি চিৰ তিনি কৰ্মচাৰীক অপহৰণৰ ২৪ ঘন্টা অতিক্ৰম কৰাৰ পিছতো এতিয়ালৈকে তেওলোকৰ তথ্যই উদ্ধাৰ কৰিব পৰা নাই আৰক্ষীয়ে ।
অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে অভিযান আৰম্ভ কৰিছে যদিও কোনো তথ্য নোপোৱাত পৰিয়াল সমূহত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।
আজি অপহৰণ সন্দৰ্ভত ৯ জনক আটক শিৱসাগৰ আৰক্ষীৰ ধৰি আনিছে ।
তেওলোক হ’ল মিন্টু ফুকন , কিৰণ ফুকন , প্ৰচন দত্ত, ৰাজেন চুতীয়া , বংশী বৰগোহাঁই , পুলিন বৰগোহাঁই, জীতেন গগৈ , সীমান্ত লিকচন আৰু বিমান লিকচন ।
আটকাধীন আটাইকেইগৰাকী শিৱসাগৰ জিলাৰ ।
শিৱসাগৰ সদৰ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ড বিধি আইনৰ
120(B)/121/121(A)/387/511 /34 অধীনত আটক কৰিছে এই কেইজনক ।
সন্দেহজনক আলফাই অপহৰণ কৰি নিয়া অলকেশ শইকীয়া, ৰিতুল শইকীয়াই , মুহিনী মোহন গগৈৰ পৰিয়ালে অপহৰণকাৰীক মুক্তি কৰি দিবলৈ অনুৰোধ জনোৱাৰ লগতে চৰকাৰৰ ওচৰত দাবী জনাইছে ।