স্মৃতি ৰেখা লাহন, টীয়ক: যোৰহাট জিলাৰ টীয়কৰ লাহদৈগড় আৰক্ষীয়ে বুধবাৰে গ্ৰেপ্তাৰ কৰিলে হাতী দাঁত সহ তিনি জনক ।মেলেং মধুপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে এই লোক তিনিজনক ।
গ্ৰেপ্তাৰ কৰা লোক তিনিজন ক্ৰমে অচিন্ত বৰা,হৰেণ বৰা আৰু দিপু দাস । আৰক্ষীয়ে লোকেইজনৰ ঘৰত হাতী দাঁত মজুত থকাৰ তথ্য লাভ কৰাৰ পিছত অভিযান চলাই এই সাফল্য লাভ কৰে ।
ইয়াৰ উপৰি এইলোক কেইজনৰ বিৰুদ্ধে অন লাইন জুৱা খেলৰ সৈতে জড়িত থকাৰ তথ্য লাভ কৰি অভিযান চলোৱা সময়ত গ্ৰেপ্তাৰ কৰে তিনিজনক ।আই পি এল জুৱা খেলাৰ অভিযোগতো অভিযোগ আছে তিনিওজনৰ বিৰুদ্ধে।
ইতিমধ্যে আৰক্ষীয়ে তিনিজন অভিযুক্তৰ পৰা হাতীৰ দাঁতৰ উপৰি নগদ ১৮,৩৩০ টকা, অন লাইন জোৱাত ব্যৱহৃত তিনিটা ম’বাইল ফোনো জব্দ কৰিছে । টীয়ক আৰক্ষীয়ে ৩৫৪/২১ নম্বৰত গোচৰ ৰুজু কৰিছে । তিনিজনকে যোৰহাটৰ আদালতত হাজিৰ কৰোৱাই।
লগতে পঢ়ক আজি বিশ্ব চাইকেল দিৱস, টীয়কতো উদযাপন