মঙলদৈঃ মঙলদৈ ডাহী বণিয়া পাৰাত চাঞ্চল্যকৰ ঘটনা। শুকুৰবাৰে নিশা একে গাঁৱৰে পৱন বনিয়া নামৰ এজন যুৱকৰ আক্ৰমণত আহত হয় তিনিগৰাকীকৈ লোক। আহত কেইগৰাকী দৃপ্তি বনিয়া, পবিত্ৰ বনিয়া আৰু সংগীতা বনিয়া।
প্ৰথমে পৱন বনিয়াই পবিত্ৰ বনিয়াক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। পুত্ৰই চিঞৰ বাখৰ কৰাত মাতৃ দৃপ্তী বনীয়াই পুত্ৰক বচাব যাওতে মাতৃৰ শৰীৰৰ বিভিন্ন অংগত আঘাত কৰে পৱন বনিয়াই। মাতৃৰ চিঞৰ শুনি সৰু বোৱাৰী সংগীতা বনিয়াই কি হৈছে চাবলৈ আহোতে পৱন বনিয়াই সংগীতাৰ বাওঁ হাতত ফলা বাঁহেৰে কোবাই গুৰুতৰ ভাবে আহত কৰে। ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে পৱন বনিয়া।
বৰ্তমান বৃদ্ধা মাতৃ দৃপ্তী বণিয়াই মঙলদৈ সদৰ থানত এখন এজাহাৰ দাখিল কৰিছে যদিও পলাতক পৱন বনিয়াক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।
কিন্তু কি কাৰণত পৱন বনিয়াই পৰিয়ালটোৰ ওপৰত আক্ৰমণ চলালে এই সন্দৰ্ভত এতিয়ালৈকে জানিব পৰা নাই। আৰক্ষীৰ তদন্তৰ পিছতহে ওলাই পৰিব ঘটনাৰ প্ৰকৃত কাৰণ।